Facebook post of Akhil Gogoi undergoing treatment at GMCH:জিএমচিএইছত চিকিৎসাধীন অখিল গগৈৰ ফেচবুক পোষ্টক লৈ তুমুল প্ৰতিক্ৰিয়া

আৰক্ষীয়ে বিধানসভালৈ যোৱাত বাধাৰোপৰ অভিযোগ, ফেচবুক পোষ্টক গগৈ আৰু তেওঁৰ দলৰ ভাস্ক’ ডি শইকীয়াৰ ফোন টেপিং কৰাৰ অভিযোগ, ফেচবুক পোষ্টত সংলগ্ন দুখন কাৰ্টুনৰ আঁত ধৰি কাৰ্টুন প্ৰিণ্ট কৰা প্ৰেছত আৰক্ষীৰ অভিযানৰ অভিযোগ, গগৈৰ অভিযোগ সন্দৰ্ভত মহানগৰ আৰক্ষীৰ স্পষ্টীকৰণ

akhil 1 1

Facebook Post of Akhil Gogoi undergoing treatment at GMCH:

শিৱসাগৰ বিধায়ক অখিল গগৈৰ এক ফেচবুক পোষ্টক লৈ আজি ব্যাপক চৰ্চা লাভ কৰে ৷ শাৰীৰিক অসুস্থতাৰ বাবে দুদিন পূৰ্বে জিএমচিএইছত চিকিৎসাধীন হৈ থকা বিধায়ক গৰাকীয়ে শুক্ৰবাৰে পুৱাতে ফেচবুকত এটা পোষ্ট কৰি অসম আৰক্ষীৰ বিৰুদ্ধে তীব্ৰ বিষেদাগাৰ প্ৰকাশ কৰিছিল ৷ তেওঁ পোষ্টটোত লিখিছিল,অলপ সুস্থ হৈছিলো বাবে আজি বিধানসভালৈ যাবলৈ সাজু হৈছিলো। এখন বেনাৰ বনাইছিলো বৰ্তমান পৰিস্থিতিক লৈ। পুলিচে প্ৰেছটোকে ঘেৰাও কৰিছে আৰু মোকো জিএমচিৰ পৰা ওলাবলৈ অনুমতি নিদিলে!’’

আনহাতে ,বিধায়ক গগৈয়ে উল্লিখিত পোষ্টটোৰ পিছত আন এটা পোষ্ট আপলোড কৰে ফেচবুকত ৷ এইবাৰ পোষ্টটোৰ লগত সন্নিৱিষ্ট কৰে দুখন কাৰ্টুন ৷ কাৰ্টুনৰ কেপচন লিখিছিল ‘মিয়া অ’ মিয়া ২৬ৰ বৈতৰণী পাৰ কৰি দিয়া’। একেদৰে কেপচনত লিখিছিল যে,তেওঁক আৰু দলৰ নেতা ভাস্ক’ ডি শইকীয়াৰ ফোন টেপিং কৰাৰ গুৰুতৰ অভিযোগ কৰি উল্লিখিত কাৰ্টুন দুখন প্ৰিন্টিং কৰা প্ৰেছত আৰক্ষীয়ে অভিযান চলাইছে বুলি প্ৰকাশ কৰে।

উল্লেখ্য যে অসুস্থতাৰ বাবে জিএমচিএই’ত চিকিৎসাধীন বিধায়ক গগৈয়ে আজি সুস্থ হোৱা হেতুকে বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ অন্তিম দিনটোত অংশ ল’বলৈ যাবলৈ বিচাৰিছিল ৷ একেদৰে বিধানসভাত প্ৰতিবাদ কৰিবৰ বাবে এখন বেনাৰ প্ৰস্তুত কৰিছিল বুলিও তেওঁৰ ফেচবুকত উল্লেখ কৰে ৷ আনহাতে আৰক্ষীয়ে ঘটনাক্ৰমে বেনাৰ আৰু অখিল গগৈৰ কাৰ্টুন প্ৰিন্ট কৰা মহানগৰীৰ জয়া নগৰস্থ ‘মা ভবানী’ প্ৰেছত অৰ্তকিতে অভিযান চলাই বেনাৰ খন জব্দ কৰাৰ লগতে চীল কৰে প্ৰেছটো ৷ একেদৰে বেনাৰ- কাৰ্টুনৰ ডিজাইন প্ৰস্তুত কৰাৰ অভিযোগত আটক কৰে জামশ্বৰ আলী নামৰ এজন যুৱকক ৷
উল্লেখ্য যে , বিধায়ক গৰাকী সুস্থ নোহোৱাৰ বাবে আজি জিএমচিয়ে ৰিলিজ নকৰিলে ৷

ইফালে ,অখিল গগৈ কেন্দ্ৰীক এই চৰ্চাৰ মাজতে কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ এই সন্দৰ্ভত কাৰ্টুনিষ্ট গৰাকীয়ে ফেচবুক পোষ্ট কৰি উল্লেখ কৰে যে,’এই কাৰ্টুনখনৰ বিষয়বস্তু যোৱা ২৮ আগষ্টত প্ৰকাশিত আমাৰ সংশ্লিষ্ট কাৰ্টুনখনৰ পৰা নকল কৰা হৈছে। অখিল গগৈৰ দৰে এজন দায়বদ্ধ ৰাজনীতিকে এনে দুষ্কাৰ্যৰ পোষকতা কৰাটো অতি নিন্দনীয় আৰু আমাৰ শিল্পকৰ্মৰ প্ৰতি চূড়ান্ত অপমান।’’

আনহাতে অখিল গগৈয়ে তেওঁৰ বেনাৰ পোষ্টাৰ – কাৰ্টুনক লৈ অসম আৰক্ষীৰ বিৰুদ্ধে কেতবোৰ উদ্থাপিত অভিযোগ সন্দৰ্ভত অসম আৰক্ষীৰ স্পষ্টিকৰণ দিয়ে ৷ স্পষ্টিকৰণটি হ’ল ‘সংবাদমাধ্যমত প্ৰচাৰিত এটি বাতৰি মহানগৰ আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে য’ত কোৱা হৈছে যে আৰক্ষীয়ে সন্মানীয় বিধায়ক শ্রীযুত অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ (GMCH) পৰা ওলাবলৈ অনুমতি নিদিলে যাৰ কাৰণে বিধায়ক গৰাকী বিধানসভাত উপস্থিত থাকিব নোৱাৰিলে।

ইয়াৰদ্বাৰা বিষয়তো স্পষ্ট কৰি দিয়া হয় যে আজি ৰাতিপুৱা মহানগৰ আৰক্ষীয়ে কৰ্তব্য পালন কৰি থাকোতে বিধানসভা চৌহদৰ সমীপত এগৰাকী সন্দেহজনক ব্যক্তিক সোধপোছ কৰে আৰু তেওঁৰ পৰা এখন বেনাৰ জব্দ কৰে। ব্যক্তিজনৰ নাম জমছেৰ আলী, বিজনী আৰক্ষী চকী, জিলা চিৰাং। বেনাৰত লিখি থোরা কথাখিনি যথেষ্ট আপত্তিজনক। অধিক সোধাপোছাৰ কাৰণে ব্যক্তিজনক আৰক্ষীয়ে নিজৰ হেফাজতত ৰাখিছে। সংবাদমাধ্যমত প্ৰচাৰিত বাতৰিতো যদি সত্য হয়, তেনেহলে এই আপত্তিজনক বেনাৰখন সন্মানীয় বিধায়ক গৰাকীৰ নিৰ্দেশমতে বনোৱা হৈছিল। পৰৱৰ্তী তদন্তত সকলো কথা পোহৰলৈ আহিব।

বাতৰিটোত আৰু কোৱা হৈছে যে সন্মানীয় বিধায়ক গৰাকীক GMCH ৰ পৰা ওলাবলৈ আৰক্ষীয়ে অনুমতি প্ৰদান নকৰিলে। ইয়াৰ দ্বাৰাই এইটোও স্পষ্ট কৰি দিয়া হয় যে সম্মানীয় বিধায়ক গৰাকী স্বাস্থ্যজনিত কাৰণত GMC ত ভর্তি হৈ থকা বুলি সংবাদ মাধ্যমৰ বাতৰিৰ পৰাই গম পোৱা গৈছে। মহানগৰ আৰক্ষীৰ একো ভুমিকা এই সংক্রান্তত নাই। বিধায়ক গৰাকীৰ লগত যিহেতু চৰকাৰী নিৰাপত্তাৰক্ষী আগৰে পৰাই আছে। মহানগৰ আৰক্ষীৰ কোনো ব্যক্তি GMCHত মোতায়ন কৰা নাই। ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়াৰ সিদ্ধান্ত চিকিৎসকে লয়। ইয়াত অৰক্ষীৰ কোনো ভূমিকা নাই।

মনকৰিবলগীয়া যে,অখিল গগৈয়ে আজি মুখ্যমন্ত্ৰীক ব্যংগ কৰি লিখা এক কাৰ্টুন সংলগ্ন বেনাৰ লৈ জিএমচিএইছৰ চিকিৎসাধীন স্থানৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰে ফেচবুকৰ জৰিয়তে ৷

Exit mobile version