Altaf Hussain arrested for performing song over Miya Controversy:মিঞা বিতৰ্কক লৈ গীত পৰিৱেশন কৰি আৰক্ষীৰ জালত ইউটিউবাৰ আলতাফ হুছেইন

বিতৰ্কৰ পিছৰে পৰা আত্মগোপন কৰি থকা আলতাফক আটক কৰে গৌৰীপুৰ আৰক্ষীয়ে

altaf 1

Altaf Hussain arrested for performing song over Miya Controversy:

মিঞা’ৰ গান গাই অৱশেষত আটক হ’ল বিৰ্তকিত ইউটিউবাৰ আলতাফ হুছেইন ৷  ৰাজ্যত বিগত কিছুদিন ধৰি চৰ্চা লাভ কৰা মিঞা কেন্দ্ৰীক বিষয়ক লৈ তুমুল বিৰ্তকৰ মাজত জ্বলা জুইত ঘিউ ঢলাৰ দৰে আলতাফ হুছেইন নামৰ ইউটিউবাৰজনে নিজে ৰছনা কৰা এটা গীত পৰিৱেশন কৰি ফেচবুক আৰু ইউটিউবত আপলোড কৰিছিল। যিটো গীতক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷

উচতনিমূলক বিতৰ্কিত গীতক লৈ সাম্প্ৰদায়িক এক বাতাবৰণ সৃষ্টি কৰাৰ অভিযোগত গৌৰীপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি গৌৰীপুৰৰ বটেৰতল অঞ্চলত আত্মগোপন কৰি থকা স্থানৰ পৰা আটক কৰে আলতাফ হুছেইনক ৷

স্মতৰ্ৱ্য যে আলতাফে তেওঁৰ গীতটো ‘আফ্ৰিড ষ্টুডিঅ ‘টুৱেন্টি ফৰ ‘নামৰ ফেচবুক পেজত আপলোড কৰিছিল যদিও গীতটোক তুমুল বিতৰ্ক হোৱাৰ পিছতে ডিলিট কৰিছিল ৷ কিন্ত ইতিমধ্যে এই গীতটি  ৰাজ্য চৌদিশে বিয়পি পৰে ৷ আনকি এই গীতৰ বিৰুদ্ধে গৰজি উঠে বহু দল- সংগঠন ৷ একেদৰে মিঞাৰ গানেৰে খিলঞ্জীয়াক প্ৰত্যাহ্বান জনোৱা বুলি অভিযোগ কৰি আলতাভ হুছেইনৰ বিৰুদ্ধে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সাংবাদিক মৃগাংক মোহন দত্তই শুকুৰবাৰে নাৰায়ণপুৰ থানাত ৰজু কৰিছিল গোচৰ ৷

Exit mobile version