Press conference of evicted people of Shilsanko:শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ সংবাদমেল

প্ৰতিবাদকাৰীক আক্ৰমণ কৰা মহিলা আৰক্ষী পম্পী দাসৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী, ব্যৱস্থা গ্ৰহণ নকৰিলে দিছপুৰ থানা ঘেৰাওৰ হুংকাৰ

DISPUR PRESSMEET

Press conference of evicted people of Shilsanko:

মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ সংবাদমেল ৷ শণিবাৰে আয়োজিত এই সংবাদমেলত পুনৰ গৰজি উঠিল উচ্ছেদিত ৰাইজৰ নেত্ৰী গায়ত্ৰী বৰী ৷ ২৮ আগষ্টত শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ পুনৰ সংস্থাপনৰ বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে অসম বিধানসভাৰ সন্মুখত উচ্ছেদিত ৰাইজে গণতান্ত্ৰিকভাৱে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল ৷ কিন্ত প্ৰতিবাদী ৰাইজৰ ওপৰত ৰাং কুকুৰৰ দৰে জপিয়াই পৰে আৰক্ষী ৷ বহু প্ৰতিবাদকাৰীক চোচৰাই নিয়াৰ লগতে শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ নেত্ৰী গায়ত্ৰী বৰীক এগৰাকী মহিলা কনিষ্টবলে পূৰ্ণহতীয়া চৰ সোধাই ৷

পিছত এই ঘটনাৰ বাবে গায়ত্ৰী বৰীয়ে দিছপুৰ থানাত পম্পী দাস নামৰ মহিলা কনিষ্টবল গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত গোচৰটো পঞ্জীভূক্ত নকৰাৰ কথা সংবাদমেলত সদৰি কৰে বৰীয়ে ৷ বৰীয়ে কয় ,অতি শীৰ্ঘেই মহিলা কনিষ্টবল পম্পী দাসৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ নকৰিলে দিছপুৰ থানা ঘেৰাও কৰাৰ হুংকাৰ দিয়ে ৷

বৰীয়ে আৰু কয় যে,শিলসাঁকোত উচ্ছেদ কৰা আজি আঢ়ৈ বছৰ উকলি গ’ল যদিও চৰকাৰে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি পুনৰ সংস্থাপন বিষয়টোৰ প্ৰতি গুৰুত্ব দিয়া নাই ৷ চৰকাৰৰ স’তে ইতিপূৰ্বে দুবাৰকৈ আলোচনাত বহা হৈছে ৷ কিন্ত কোনো ইতিবাচক সহাৰি পোৱা নগ’ল ৷ সেয়েহে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে শিলসাঁকোৰ উচ্ছেদিত ৰাইজে সময়ে সময়ে গণতান্ত্ৰিক আন্দোলন কৰি আহিছে ৷  ২৮ আগষ্টত সম্পূৰ্ণ গণতান্ত্ৰিক ভাবে কৰা আন্দোলনকাৰীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনে কাৰ্যত: মৌলিক অধিকাৰ খৰ্ব কৰিছে ৷

শিলসাঁকোৰ উচ্ছেদিত ৰাইজৰ হৈ গায়ত্ৰী বৰীয়ে কয়,ৰাইজৰ মৰ্মবেদনা চৰকাৰে অনুধাৱন কৰি শীৰ্ঘেই পুনৰ সংস্থাপনৰ দিহা কৰক ৷

Exit mobile version