Shooting at Bagibeel police Outpost:ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত গুলীচালনা ঘটনা

কনিষ্ঠবলৰ গুলীত গুৰুত্বৰভাৱে আহত ভাৰপ্ৰাপ্ত বিষয়া তীৰ্থ চেত্ৰী,আটক কনিষ্ঠবল প্ৰাঞ্জল বৰা

dibrugarh 1

Shooting at Bagibeel Police Outpost:

ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত অঘটন ৷ কনিষ্ঠবলৰ গুলীত গুৰুত্বৰভাৱে আহত ভাৰপ্ৰাপ্ত বিষয়া। ইতিমধ্যে আহত আৰক্ষী বিষয়াজনক প্ৰেৰণ কৰা হৈছে অসম মেডিকেল কলেজ হাস্পতালত ৷

প্ৰাপ্ত খবৰ অনুসৰি বগীবিল আৰক্ষী চকীৰ প্ৰাঞ্জল বৰা নামৰ কনিষ্ঠবলজনে শণিবাৰে দুপৰীয়া ভাগত আৰক্ষী চকীত কৰ্তব্যৰত প্ৰহৰীৰ পৰা ৰাইফল কাঢ়ি আত্মহত্যাৰ চেষ্টা চলাই ৷

আনহাতে এগৰাকী মহিলা কনিষ্ঠবলৰ পৰা ভাৰপ্ৰাপ্ত বিষয়া তীৰ্থ চেত্ৰীয়ে খবৰ পাই ততাতৈয়াকৈ আৰক্ষী চকীত উপস্থিত হৈ প্ৰাঞ্জল বৰাক আত্মহত্যা কৰাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়াস কৰে ৷ ইতিমধ্যে বৰাই গুলীচালনা কৰাত এটা গুলী টিঙৰ চালি ভেদি যায় ৷ আনটো গুলীচালনা কৰোঁতে গুলী লাগে ভাৰপ্ৰাপ্ত বিষয়া তীৰ্থ চেত্ৰীৰ হাতত ৷ প্ৰচুৰ ৰক্তক্ষৰণ হোৱাত চেত্ৰীক আন আৰক্ষী সকলে ততাতৈয়াকৈ ভৰ্তি কৰে অসম মেডিকেল কলেজ হাস্পতালত ৷

আনহাতে কনিষ্ঠবল প্ৰাঞ্জল বৰা আন কৰ্তব্যৰত আৰক্ষীয়ে লগে লগে ৰাইফলটো কাঢ়ি লৈ আটক কৰে । ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী চকীখনত উপস্থিত হয় ডিব্ৰুগড়ৰ উচ্চপদস্থ আৰক্ষী বিষয়া ৷

উল্লেখ্য যে আটকাধীন প্ৰাঞ্জল বৰাই থানালৈ অহাৰ পূৰ্বে নিজৰ বাসগৃহত দ্বিতীয় পত্নীক কুঠাৰেৰে প্ৰহাৰ কৰি আৰক্ষী চকীত উপস্থিত হৈছিল ৷ ইতিমধ্যে মুৰত আঘাতপ্ৰাপ্ত প্ৰাঞ্জল বৰাৰ দ্বিতীয় পত্নী গৰাকী চিকিৎসাধীন হ’বলগীয়া হয় ৷ সন্দেহ কৰা মতে প্ৰাঞ্জল বৰাই নিজ গৃহত পত্নীক কুঠাৰেৰে প্ৰহাৰ কৰি আহি আৰক্ষী চকীত চৰমপন্থাৰ চেষ্টা চলাইছিল ৷

Exit mobile version