Deshi Janagosthi Manch delegation visits Upper Assam:উজনি অসমলৈ দেশী জনগোষ্ঠীয় মঞ্চৰ সঁজাতি দলৰ শুভেচ্ছা ভ্ৰমণ

sinkhal saliha

Deshi Janagosthi Manch delegation visits Upper Assam:

মঙলবাৰে দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ কেন্দ্ৰীয় সভাপতি ইছলামূল হক মণ্ডলৰ নেতৃত্বত মঞ্চৰ সাধাৰণ সম্পাাদক সহিদুল ইচলাম, সাংগঠনিক সম্পাদক আব্দুল জলিল আৰু বিলাসীপাৰা জিলা সভাপতি জুলফিকাৰ আলী শ্বেখৰ এক সঁজাতি দলে উজনি অসম ভ্ৰমণ কৰি শিৱসাগৰ জয়সাগৰ বৰ পুখুৰীৰ পাৰত থকা টুৰিষ্ট ল’জত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কাৰ্য্যকৰী সভাপতি মনিৰুল ইছলাম বৰাক লগত লৈ এখন সংবাদমেল অনুষ্ঠিত কৰে।

সাংবাদিকৰ লগত হোৱা বাৰ্তালাপত মঞ্চৰ কেন্দ্ৰীয় সভাপতিয়ে দেশী জনগোষ্ঠীৰ ইতিহাস আৰু বৰ্তমানৰ পৰিস্থিতি তথা উজনিলৈ কাম কৰিবলৈ অহা দেশী শ্ৰমিক সকলৰ নিৰাপত্তা সুনিশ্চিত কৰা সম্পৰ্কে বিশদ ব্যাখ্যা দাঙি ধৰা হয় । ইয়াৰ উপৰি সঁজাতি দলটোৱে মনিৰুল ইছলাম বৰাৰ আতিথ্যত বীৰ লাচিত সেনাৰ সচিব শৃঙ্খল চলিহা আৰু সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈৰ লগত এক দীঘলীয়া আলোচনাত মিলিত হয় ।

আলোচনাকালত বীৰ লাচিত সেনা আৰু টাই-আহোম ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃদ্বয়ে অসমৰ ভূমিপুত্ৰ দেশী জনগোষ্ঠীক লগত লৈ আগবঢ়াৰ আৰু উজনিলৈ কাম কৰিবলৈ অহা দেশী শ্ৰমিক সকলক সকলো প্ৰকাৰৰ সহায়-সহযোগীতা আগবঢ়োৱাৰ আশ্বাস দিয়ে |

Exit mobile version