Giant dragon was found in Dhubri:ধুবুৰীত এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ

snake recover

Giant dragon was found in Dhubri:

ধুবুৰী চহৰৰ পাশ্বৱৰ্তী আইৰনজংলা প্ৰথম খণ্ড গাঁৱত এডাল প্ৰকাণ্ড অজগৰ  এজোপা গছৰ ওপৰত উঠি গাঁওখনত আতংকৰ সৃষ্টি কৰে। প্ৰায় ৫০/৬০ ফুট ওখ এজোপা জাম গছৰ ওপৰত প্ৰকাণ্ড অজগৰ সাপডাল উঠা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি হয়।

পিছত স্থানীয় ৰাইজে ধুবুৰী বন বিভাগ আৰু আৰক্ষীক খবৰ কৰাত ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হয়। স্থানীয় ৰাইজৰ সহযোগত বন বিভাগ আৰু আৰক্ষীৰ লোক প্ৰকাণ্ড অজগৰ সাপডালক উদ্ধাৰ কৰি লৈ যায়।

Exit mobile version