Free health check-up camp at Guwahati Press Club:কোৰাছ প্ৰতীক্ষা হস্পিটেল আৰু প্ৰতীক্ষা ইনষ্টিটিউট অৱএলাইড হেল্‌থ ছায়েন্সৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন

press club

Free health check-up camp at Guwahati Press Club:

৮ ছেপ্টেম্বৰ বিশ্ব ভৌতিক চিকিৎসা (ফিজিঅ’থেৰাপী) দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাবত কোৰাছ প্ৰতীক্ষা হস্পিটেল আৰু প্ৰতীক্ষা ইনষ্টিটিউট অৱ এলাইড হেল্‌থ ছায়েন্সৰ উদ্যোগত ৭ ছেপ্টেম্বৰ শনিবাৰে বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে৷

উক্ত শিবিৰত কোৰাছ প্ৰতীক্ষা হস্পিটেলৰ অস্থিৰোগ (Orthopedic), ভেষজ ( Medicine) আৰু বিষ নিৰাময়ৰ চিকিৎসকৰ নেতৃত্বত এটা চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দলে সেৱা আগবঢ়াব ৷ শিৱিৰ পুৱা ১০-৩০ ৰ পৰা আৰম্ভ হৈ দিনৰ এক বজাত সামৰণি পৰিব ৷ উক্ত শিবিৰত সকলো সংবাদ কৰ্মীৰ উপস্থিতি কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সঞ্জয় ৰায়ে।

Exit mobile version