Controversial doctor Dr Mridupawan Nath arrested:বিতৰ্কিত চিকিৎসক ডাঃ মৃদুপৱন নাথ আটক

চি এম ভিজিলেন্সে দিয়া এখন পত্ৰৰ উত্তৰ ভুলকৈ দিয়াৰ বাবে আটক চিকিৎসক গৰাকী, মঙলদৈ আৰক্ষীয়ে আটৰ কৰে ডা:নাথক

miduoawan nath

 Controversial doctor Dr Mridupawan Nath arrested:

বহু বিৰ্তকিত চিকিৎসক ডা:মৃদুল পৱন নাথ গ্ৰেপ্তাৰ ৷ চিকিৎসক গৰাকীক আটক কৰে মঙলদৈ আৰক্ষীয়ে। প্ৰাপ্ত খবৰ অনুসৰি ,চিকিৎসক জনৰ বিৰুদ্ধে আয় বহিৰ্ভূত সম্পত্তি সন্দৰ্ভত ক্ষীপ্ৰতাৰে তদন্ত চলাই থকা চি এম ভিজিলেন্সে এখন পত্ৰ প্ৰেৰণ কৰিছিল চিকিৎসক গৰাকীলৈ ৷

কিন্ত পত্ৰ খনৰ উত্তৰ ভুলকৈ দিয়াৰ বাবে মঙলদৈ আৰক্ষীয়ে চিএম ভিজিলেঞ্চৰ গুৱাহাটীস্থ কাৰ্যালয় সমীপৰ পৰা আটক কৰে ৷ আটকাধীন ডা:নাথৰ বিৰুদ্ধে ইতিমধ্যেই ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬/৩১৯/৩৩৬/৩৪০ ধাৰাৰ অধীনত ২৩২/২০২৪ নম্বৰত ৰুজু হৈছিল গোচৰ ৷

মনকৰিবলগীয়া যে, ডা:নাথৰ বিৰুদ্ধে উদ্থাপিত অভিযোগ অনুসৰি তেওঁৰ শ্বেয়াৰ আছিল মঙলদৈ জেএছএম নামৰ নাছিং হোম খনত৷ এই সম্পৰ্কত চিএম ভিজিলেঞ্চৰ তদন্তকাৰী গোটে নাছিং হোম খনৰ স্বত্বাধিকাৰীৰ পৰা তথ্য বিচাৰি প্ৰেৰণ কৰিছিল এখন পত্ৰ ৷ কিন্তু নাছিং হোম খনৰ প্ৰশাসনিক দিশ সমূহ চোৱা চিতা কৰা সংশ্লিষ্ট বিষয়া গৰাকী বিদেশত থকা হেতুকে ৰহস্যজনকভাৱে ডা:নাথে নিজেই ভুৱাকৈ উত্তৰ দিয়ে চি এম ভিজিলেঞ্চৰ।

পৰৱৰ্তী সময়ত নাছিং হোম কৰ্তৃপক্ষৰ এই অবৈধ কাৰ্যৰ বিষয়ে গম পাই তাৎক্ষণিকভাবে ড:নাথৰ বিৰুদ্ধে গোচৰ তৰিছিল মঙলদৈ থানাত৷ এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে গুৱাহাটীত আটক কৰে ডা:নাথক।

উল্লেখ্য যে,ডা:মৃদুল পৱন নাথৰ বিৰুদ্ধে উদ্থাপিত আন কেতবোৰ অভিযোগ সন্দৰ্ভত চিএম ভিজিলেন্সে চিকিৎসক ,নাৰ্ছ,কন্ঠ শিল্পী সহ এগৰাকী অতিৰিক্ত আয়ুক্তৰ পত্নীকো সোধপোছ কৰাৰ বাবে সাজু হৈছে ৷

Exit mobile version