Ghagrapar AGP :ঘগ্ৰাপাৰৰ ভানুকুছি- গুৱাকুছিত অগপৰ বুথ সন্মিলন

পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সাজু:মনোজ শৰ্মা

ghagrapar image

Ghagrapar AGP :

আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে অকলেই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পাচতে বিশেষভাৱে তৎপৰ হৈ পৰিছে মিত্রদল অগপ। ইয়াৰ পৰিপ্ৰেক্ষিতত য়োৱকালি কালি নিশা নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ ভানুকুছি -গুৱাকুছিস্হিত মৃন্ময় য়ুৱ সংঘৰ বাকৰিত অগপৰ ঘগ্ৰাপাৰ আৰু দতৰা আঞ্চলিক সমিতিৰ এখন বুথ সন্মিলন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়।

অগপৰ জ্যোষ্ঠ নেতা তথা গাটিয়ান -ভানুকুছিৰ গাও সভাৰ সভাপতি দীনেশ কলিতাৰ সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা কৰে দতৰা আঞ্চলিকৰ সভাপতি পংকজ শৰ্মাই।

সভাত দলৰ কেন্দ্রীয় সমিতিৰ নেতা মনোজ শৰ্মাই উপস্থিত থাকি সাংগঠনিক দিশৰ ওপৰত ভাষণ দিয়াৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ উপৰি ২০২৬ ৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত বিতং মন্তব্য প্রদান কৰি তৃণমূল পর্যায়ৰ কৰ্মীসকল ককালত টঙালি বান্ধি সাজু হবলৈ আহবান জনাই।

সভাত নলবাৰী সমষ্টি সমিতিৰ সম্পাদক কমল চন্দ্র দাসে ভাষণ প্রসংগত কয় যে অগপৰ পূৰ্বৰ দুৰ্গ য়ে পুনৰ উভতি আহিছে সেয়া সভা সমিতিত উপস্থিতি আৰু বিগত বৰপেটা লোক সভা নিৰ্বাচনে তাক প্রমাণ কৰি দেখুৱাইছে বুলি মন্তব্য কৰে। দাসে নিজৰ ভাষণত দলটোৱে সাংগঠনিক ভৃটি শক্তিশালী কৰিবলৈ সদস্যতা ভৰ্তি অভিযান অব্যাহত ৰখাৰ তথা সদৰি কৰাৰ উপৰিও অৰুণোদয় আৰু পি এম ই ওৱাই গৃহ(চৰকাৰী গৃহ) হিতাধিকাৰীসকলে কি দৰে সুবিধা লাভ কৰিব তাৰ ওপৰতো মন্তব্য কৰে।
সভাত অগপৰ নলবাৰী জিলা সমিতিৰ কাৰ্য্যনিৰ্বাহক ৰাজু ৰাজবংশী, অগপৰ দতৰা আঞ্চলিক সমিতিৰ সম্পাদক নাচেৰ আলী, অগপ নেতা অনিল কলিতা,মনোজ দাস,ওহেদুৰ আহমেদ উপস্থিত থকাৰ উপৰিও অঞ্চলটোৰ শতাধিক দলীয় কৰ্মীয়ে অংশগ্রহণ কৰে।

Exit mobile version