Naojan Anamika:নাওজানৰ অনামিকাই আজুৰিলে ৰাষ্ট্ৰীয় থাই বক্সিংত সোণ আৰু উশ্বুত ৰূপৰ পদক

naojan image 1

Naojan Anamika:

ক্ৰীড়াৰ ৰাজধানী হিচাপে পৰিগণিত হোৱা ধনশিৰি মহকুমালৈ পুনৰ গৌৰৱ। নাওজান আদৰ্শ গাঁৱৰ অনামিকা গড় নামৰ এগৰাকী ছাত্ৰীয়ে মহাৰাষ্ট্ৰৰ লাটুৰত অনুষ্ঠিত নেচনেল থাই বক্সিং চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰি সোণৰ পদক আৰু উশ্বু প্ৰতিযোগিতাত ৰূপৰ পদক আজুৰি আনিবলৈ সক্ষম হৈছে।

শুক্ৰবাৰে অনামিকা গড় ৰঙিয়া এক্সপ্ৰেছ যোগে সৰুপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হয় আৰু ৰেলৱে ষ্টেচনৰ পৰা নাওজান আদৰ্শৰ নিজা গৃহভূমিলৈকে অনামিকা গড়ক স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ লোকে এক বৃহৎ ৰেলি কৰি আদৰি লৈ যায়। প্ৰশিক্ষক গোলাপ দৈমাৰী সহ চাৰিগৰাকী প্ৰতিযোগী ধনশিৰি মহকুমাৰ পৰা মহাৰাষ্ট্ৰত অনুষ্ঠিত থাই বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ৩টা সোণ আৰু ১টা ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল।

কিন্তু অনামিকা গড়ৰ জীৱন কাহিনী কিছু দুখলগা। অনামিকাৰ ঘৰখন এদিন দিন -হাজিৰা নকৰিলে চৰু নজ্বলে। ইফালে অনামিকাৰ ঘৰলৈ অহা-যোৱা কৰা নাওজান আদৰ্শ গাঁৱৰ পথটিৰো অৱস্থা তেনেই শোচনীয়। এজাক বৰষুণ দিলেই খোজকঢ়াৰ বাদে অন্য উপায় নাই। সেয়েহে অনামিকা গড়ে সৰুপথাৰ পানজানৰ বৰমাকৰ ঘৰত থাকি পঢ়া-শুনা কৰাৰ লগতে খেলা-ধুলাৰ অনুশীলন কৰে।

অৱশ্যে অনামিকাক ডাঙৰ-দীঘল কৰাকে ধৰি ক্ৰীড়াৰ দিশত আগুৱাই নিয়াত বৰদেউতা আৰু বৰমাকে যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে। আদৰ্শ গাঁৱৰ ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ লোকে আদৰ্শ গাঁৱৰ পথটো নিৰ্মাণ কৰি দিবলৈ অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে। অনামিকা গড় বৰ্তমান সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী।

Exit mobile version