Ripun Bora will rejoin the Congress on Sunday:ঘৰৰ ল’ৰা ঘৰলৈ উভতিব !

ঘৰ ৱাপচি কৰিব ৰিপুণ বৰাই, দেওবাৰে পুনৰ যোগদান কৰিব কংগ্ৰেছত, কংগ্ৰেছত যোগদান কৰিয়ে অংশ ল'ব চৰাইদেউত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কার্যনির্বাহক

ripun bora

Ripun Bora will rejoin the Congress on Sunday:

অৱশেষত ঘৰৰ ল’ৰা ঘৰলৈ উভতিল ৷ দেওবাৰে ঘৰ ৱাপচি কৰিব সদ্য পদত্যাগি তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই ৷ AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙ আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত যোগ দিব কংগ্ৰেছত

উল্লেখ্য যে ৰাজ্যসভা নিৰ্বাচনত পৰাজয় হোৱাৰ পাছতে কংগ্ৰেছ ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰি পৰৱৰ্তী সময়ত দলটোৰ অসম ৰাজ্যিক গোটৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

স্মতৰ্ৱ্য যে ,দেওবাৰে কংগ্ৰেছত যোগদান কৰাৰ পিছতে চৰাইদেউত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কার্যনির্বাহকতো অংশ গ্ৰহণ কৰে ৰিপুণ বৰাই।

উল্লেখযোগ্য যে ৰিপুণ বৰা তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ সন্দৰ্ভত দলটোৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কৈছিল যে ৰাজ্যসভাৰ টিকট নোপোৱাৰ বাবে ৰিপুণ বৰা ক্ষোভিত হৈ তৃণমূলৰ বিৰুদ্ধে আবোলতাবোল মন্তব্য প্ৰকাশ কৰি দল এৰে ৷ গতিকে এনেকুৱা ক্ষমতালোভী নেতাৰ প্ৰয়োজন নাই তৃণমূল কংগ্ৰেছত ৷

Exit mobile version