Brutal murder in Chabua:চাবুৱাৰ জেৰাই গাঁৱত লোমহৰ্ষক হত্যাকাণ্ড

বাসগৃহৰ ভিতৰত পত্নীৰ সন্মুখত যুৱকক ধুমুচেৰে হত্যা দুৰ্বৃত্তৰ, মৃত লোকজন জলসম্পদ বিভাগৰ কৰ্মচাৰী মাধুৰ্য বৰুৱা

murder

Brutal murder in Chabua:

চাবুৱাত লোমহৰ্ষক হত্যাকাণ্ড। সোমবাৰে নিশা ঘৰৰ চৌহদতে চাৰি দুৰ্বৃত্তই ধুমুচেৰে উপযুপৰি প্ৰহাৰ কৰি হত্যা কৰে ৷ এই নৃশংস হত্যাকাণ্ড সংঘটিত হয় চাবুৱাৰ জেৰাই গাঁৱত ৷ গাওঁ খনৰে নিবাসী মাধুৰ্য বৰুৱাৰ বাসগৃহত নিশা ডেৰ মান বজাত মুখবন্ধা চাৰিজনীয়া দুৰ্বৃত্তই দলে প্ৰৱেশ কৰি কোনো কথাৰ অৱতাৰণা নকৰি মাধুৰ্য বৰুৱাক শুৱাপাটিৰ পৰা জগাই তোলে আৰু চৌহদৰ ভিতৰতে পত্নীৰ সন্মুখতে ধোমোচেৰে মৰিয়াই মৰিয়াই নিৰ্মমভাৱে হত্যা কৰে।

দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হোৱা মাধুৰ্য বৰুৱা ডিব্ৰুগড় জলসম্পদ বিভাগৰ মাণ্ডলিক কাৰ্যালয়ৰ এজন নিম্নবৰ্গ সহায়ক আছিল ৷ আনহাতে এই নৃশংস হত্যাকাণ্ডৰ পাছতে স্থানীয় লোক উপস্থিত হয় ৷ আনহাতে চাবুৱা আৰক্ষী মাজনিশাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও দুৰ্বৃত্তৰ দলটোৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৷ আনহাতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নিবলৈ ওলোৱাত বাধাৰোপ কৰে ৰাইজে ৷

ৰাইজৰ দাবী অতি নিৰীহ সৰবৰহী যুৱক জনক পত্নীৰ সন্মুখতে নৃশংসভাৱে হত্যাকাৰীক কৰায়ত্ব নকৰালৈকে মৃতদেহ নিবলৈ দিয়া নহ’ব ৷ ইফালে ,ঘটনাস্থলীত স্নীফাৰ ডগ আৰু ফৰেনছিকৰ বিষয়া উপস্থিত হৈ তন্নতন্নকৈ সকলো পৰীক্ষা কৰিছে ৷

Exit mobile version