ED has filed two cases against former J& K CM Farooq Abdullah in financial scams:
অহা ১৮ ছেপ্টেম্বৰৰ পৰা জম্মু-কাশ্মীৰত বিধানসভাৰ নিৰ্বাচন আৰম্ভ হ’ব। এই নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লাৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ দুটা অভিযোগৰে আদালতৰ দ্বাৰস্থ হ’ল প্ৰৱৰ্তক সঞ্চালকালয় (ইডি)।
ADVERTISEMENT
জম্মু-কাশ্মীৰ আদালতৰ অনুমতি লাভ কৰিলে ফাৰুকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব কেন্দ্রীয় বিত্তীয় তদন্তকাৰী সংস্থাটোৱে। আর্থিক দুর্নীতিৰ অভিযোগত যোৱা মাহত ফাৰুকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল ইডিয়ে।
কিন্তু যোৱা ১৪ আগষ্টত ইডিৰ সকলো অভিযোগ নাকচ কৰিছিল জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ে। এইবাৰ জম্মু-কাশ্মীৰ ক্রিকেট এছ’চিয়েচনৰ দুৰ্নীতি আৰু বিত্তীয় কেলেংকাৰিৰ দুটা নতুন অভিযোগ উত্থাপনৰে আদালতৰ দ্বাৰস্থ হ’ল ইডি।