India has developed a missile with a range of 9,000 km: এইবাৰ ৯০০০ কিলোমিটাৰ দূৰত্বভেদী ক্ষমতাৰ ক্ষেপণাস্ত্ৰ তৈয়াৰ ভাৰতৰ

নিদ্ৰাহৰণ পাকিস্তান-চীনৰ

agni

India has developed a missile with a range of 9,000 km:

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ই এইবাৰ তৈয়াৰ কৰিব ৯০০০ কিলোমিটাৰ দূৰত্বভেদী ক্ষমতাস্পন্ন
বেলিষ্টিক ক্ষেপণাস্ত্র। পৰমাণু অস্ত্র বহনত সক্ষম এই ক্ষেপণাস্ত্র ভাৰতীয় নৌসেনাৰ ছাবমেৰিনত ব্যৱহাৰ কৰা হ’ব। অত্যাধুনিক এই ক্ষেপণাস্ত্ৰৰ নাম ৰখা হৈছে কে-৫।

দেশীয় প্রযুক্তিৰে তৈয়াৰী এই ক্ষেপণাস্ত্রই ২০০০ কিলোগ্রামৰ বিস্ফোৰক বহন কৰিব পাৰিব। কে-৫ৰ আন এক বশিষ্ঠ হৈছে ইয়াক শত্রুপক্ষৰ ৰাডাৰে ধৰা পেলাব নোৱাৰিব। তদুপৰি এমআইআৰভি প্রযুক্তি ব্যৱহাৰ কৰাৰ ফলত এই ক্ষেপণাস্ত্রই একেলগে একাধিক লক্ষ্যস্থানত আক্ৰমণ কৰিব পাৰিব।

ইতিমধ্যে ভাৰতৰ হাতত আছে কে-৪ ক্ষেপণাস্ত্র। এই ক্ষেপণাস্ত্ৰৰ দূৰত্বভেদী ক্ষমতা হৈছে ৭৫০ৰ পৰা ৩৫০০ কিলোমিটাৰ। এইবাৰ ডিআৰডিঅ’ই দেশত তৈয়াৰ কৰিছে কে-৫ আৰু কে-৬ ক্ষেপণাস্ত্র । ৩৯ ফুট দৈর্ঘ্যৰ কে-৬ক ক্ষেপণাস্ত্রই ৩০০০ কিলোগ্রামৰ পৰমাণু অস্ত্র বহন কৰিব পাৰিব। তদুপৰি এই ক্ষেপণাস্ত্ৰই ৮০০০-১২০০০ কিলোমিটাৰ দূৰত্বভেদী লক্ষ্যস্থানত আঘাত হানিব পাৰিব।

ভাৰতে থলুৱাভাৱে এনে অত্যাধুনিক পাৰমাণৱিক ক্ষেপণাস্ত্ৰ তৈয়াৰ কৰাত স্বাভাৱিকতে চীন আৰু পাকিস্তানৰ উদ্বেগ বৃদ্ধি পাব।

Exit mobile version