Six million people attended Pope Francis’ prayer meeting in East Timor:ইষ্ট টিম’ৰত পোপ ফ্রান্সিছৰ প্ৰাৰ্থনা সভাত অংশ ল’লে ছয় লাখ লোকে

east timor

Six million people attended Pope Francis’ prayer meeting in East Timor:

ইষ্ট টিম’ৰত খ্ৰীষ্ট ধর্মগুৰু পোপ ফ্রান্সিছৰ প্ৰাৰ্থনা সভাত মঙলবাৰে সমুদ্ৰৰ তীৰত এখন পাৰ্কত কমেও ৬,০০,০০০ লোকে অংশ ল’লে। দক্ষিণ পূব এছিয়াৰ এইখন দেশৰ প্রায় অর্ধেকাংশ জনসংখ্যাই পোপৰ প্ৰাৰ্থনা সভাত উপস্থিত আছিল।

ADVERTISEMENT

উল্লেখ্য যে পোপ ফ্রান্সিছে সোমবাৰে ভ্ৰমণসূচীৰে ইষ্ট টিম’ৰত উপস্থিত হৈছিল। মঙলবাৰে পুৱা তেওঁ দিব্যাংগ শিশুৰ বাবে এক ধর্মীয় সংস্থাই পৰিচালনা কৰা আশ্রয় গৃহ পৰিদৰ্শন কৰিছিল। লগতে পোপে সমুদ্ৰৰ তীৰতস্থিত এখন পাৰ্কত প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছিল।

পোপৰ এই প্রার্থনা সভাত ৩,০০,০০০ জন লোকে অংশ ল’বলৈ নাম পঞ্জীয়ন কৰাইছিল যদিও ৬,০০,০০০ জন লোকে অংশ লয়।

Exit mobile version