Chutia Student Union Pressmeet: জনজাতিকৰণ-স্বায়ত্তশাসৰ দাবীৰে ২০ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক প্রতিবাদী কার্যসূচী ঘোষণা চুতীয়া ছাত্ৰ সন্থাৰ

CHUTIA

Chutia Student Union Pressmeet:

জনজাতিকৰণ, স্বায়ত্ব শাসন প্রদান আৰু চুতীয়া ৰাজশাসনৰ পৌৰাণিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধনৰ দাবীৰে পুনৰ ধাৰাবাহিক প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে সংগঠনটোৱে উল্লিখিত দাবীৰে অহা ২০ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।

সেই অনুসৰি, ২০ ছেপ্টেম্বৰত প্ৰতিখন জিলা সদৰত অৱস্থান ধর্মঘট, ৩০ ছেপ্টেম্বৰত প্ৰতি জিলা সদৰত ধৰ্ণা কাৰ্যসূচী, ১৪ অক্টোবৰত পুত্তলিকা দাহ কাৰ্যসূচীৰ উপৰি ২২ অক্টোবৰত গোলাঘাটত, ২৮ অক্টোবৰত ধেমাজিত, ১১ নৱেম্বৰত যোৰহাট, ১৮ নৱেম্বৰত ডিব্ৰুগড়ত বিশাল গণ সমাবেশ অনুষ্ঠিত কৰিব সংগঠনটোৱে।

এই প্রতিবাদী কাৰ্যসূচী ঘোষণা কৰি চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা আৰু সাধাৰণ সম্পাদক ৰাজু চুতীয়াই চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি বিজেপি চৰকাৰে জনগোষ্ঠীটোক চূড়ান্ত প্ৰতাৰণা কৰাৰ অভিযোগ তোলে।

Exit mobile version