Horoscope:ৰাশিফল

horoscope new 13

Horoscope:ৰাশিফল

মেষ: মানসিক অস্থিৰতা দূৰ হ’ব। তথাপিও শৰীৰটো অৱশ যেন অনুভৱ হ’ব। সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব। প্রাপ্তি ধন লাভৰ সম্ভাৱনা। যান-বাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে। প্ৰেমত অতিকৈ শুভ। বিবাহৰ যোগাযোগত শুভ। হালধীয়া শুভ ৰং। শুভ সংখ্যা ৯।

বিষ: ব্যৱসায়ত উন্নতি লাভৰ সম্ভাৱনা। আৰ্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব। মাটি- বাৰীৰ লেন-দেনত সাৱধান হ’ব। মামলা-মোকদমাত ক্ষতি হোৱা সম্ভাৱনা। আৰক্ষী তথা সামৰিক বাহিনীত কাম কৰাসকলৰ বাবে পদোন্নদিতৰ যোগ দেখা যায়। বিবাহৰ যোগ। শুভ ৰং বগা। শুভ সংখ্যা ৬।

মিথুন: সন্তানৰ সাফল্যই আপোনাক আনন্দিত কৰিব। প্রতিবেশীৰ লগত সম্ভাৱ ৰাখিব। বিদ্যা ক্ষেত্ৰত শুভ ফল লাভৰ পৰা বঞ্চিত হ’ব পাৰে। দূৰ ভ্ৰমণৰ যোগ দেখা যায়। নীলা শুভ ৰং। শুভ সংখ্যা ১।

কর্কট: কর্মক্ষেত্রত নানা বেমেজালিৰ বাবে মনটো অস্থিৰ হ’ব পাৰে। খেলা- ধূলাৰ লগত জড়িতসকলে সুফল পাব। মাটি-বাৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ লগত যোগাযোগ নকবিৰ। গুলপীয়া ৰং শুভ। শুভ সংখ্যা ৪।

সিংহ: শৰীৰ মধ্যম। কর্মক্ষেত্ৰত মানসিক অস্থিৰতা বৃদ্ধি পাব। মোকদমা আদিত সফলতা আহিব। ঘৰুৱা শান্তি বিৰাজমান। ওচৰ-চুবুৰীয়াৰ লগত মনোমালিন্য হ’ব পাৰে। প্ৰেমত শুভ। ৰঙা শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

কন্যা: ব্যৱসায় সম্প্ৰসাৰণৰ যোগ দেখা যায়। দৈহিক দিশত পেটৰ ৰোগ হোৱাৰ সম্ভাবনা। অত্মবিশ্বাসেৰে সৃষ্টিমূলক কাম কৰিলে সফল হ’ব। যান-বাহন কিনাৰ ক্ষেত্ৰত বাধা নাই। শুভ ৰং বগা। শুভ সংখ্যা ১০।

তুলা: কর্মক্ষেত্রত সহকৰ্মীৰ ব্যৱহাৰত সন্তোষ নাপাব পাৰে। বিদ্যাত জটিলতা কম। দাম্পত্যত নিজৰ বিচাৰক অগ্ৰাধিকাৰ দিব লাগিব। আর্থিকত মধ্যম প্ৰভাৱ। দেহ বৰ সুস্থ নাথাকিব। নীলা শুভ ৰং, শুভ সংখ্যা ৬।

বৃশ্চিক: আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্ৰা বাঢ়িব। ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব। পিতৃৰ খুব বেয়া নহয়। অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৫।

ধনুঃ বৈষয়িক ক্ষেত্রত নিজৰ দুৰ্বলতাৰ বাবে সমস্যাত পৰিব পাৰে। কর্মস্থনত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব। বিশ্বাসযোগ্য বন্ধু-বান্ধৱৰ পৰা উপকৃত হ’ব। বিয়া-বাৰুৰ যোগাযোগত বাধা পাব। প্ৰেমত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

মকৰ: দাম্পত্যত বিশেষ পৰিৱৰ্তন নাই। সন্তানৰ বাবে মধ্যম। নিকট আত্মীয়ৰ কোনো খৰবত চিন্তিত। বিয়া-বাৰুৰ যোগাযোগত শুভ। ব্যৱসায়ীসকলৰ দূৰ ভ্রমণ সফল হ’ব পাৰে। ভাই-ভনীৰ পৰা সহৃদয়তা নাপাব। সুৰু-সুৰা ভ্ৰমণৰ বাধ নাই। শুভ ৰং ক’লা। শুভ সংখ্যা ১।

কুম্ভ: চাকৰিয়াল ব্যক্তিসকলৰ বদলিৰ সম্ভাৱনা দেখা যায়। বিদ্যাত শুভ। কর্মত তৎপৰতা থাকিব। শৰীৰৰ প্ৰতি যত্ন ৰখাটো বিশেষ দৰকাৰ হ’ব। অর্থলাভৰ তুলনাত খৰচৰ পৰিমাণ বৃদ্ধি। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।

মীন: মনোবল বৃদ্ধি পাব। মাতৃৰ শুভ। ধন-বিতৰ উন্নতিৰ অনুভৱ। নতুন পৰিকল্পনাত ব্যৱসায়ত উন্নতি লাভৰ কাৰকতা। কৰ্মক্ষেত্ৰত সমান্য বাধাৰ কাৰকতা। যাত্ৰাদিত শুভ। সু-বন্ধু লাভ। প্রেমত আহুকাল। নীলা বং শুভ। শুভ সংখ্যা ৩।

Exit mobile version