Guwahati Rihabari Fire:গুৱাহাটীৰ আৰ্যনগৰত ভয়ংকৰ অগ্নিকাণ্ড

চিলিণ্ডাৰ বিস্ফোৰণ হৈ জুইৰ সূত্রপাত, আঠটাকৈ বাসগৃহ জুইত ভস্মীভূত

ghy fire new

Guwahati Rihabari Fire:

গুৱাহাটীৰ ৰিহাবাৰী আৰ্যনগৰত ভয়ংকৰ অগ্নিকাণ্ড ৷ প্ৰায় চাৰিটাকৈ চিলিণ্ডাৰ বিস্ফোৰণ হৈ জুইৰ সূত্রপাত । নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে অঞ্চলটো। ক’লা ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল ৷ অগ্নিকাণ্ডৰ পাছতে অঞ্চলটোত এক হুৱাদুৱা পৰিস্থিতিৰ সৃষ্টি হয়।

বিধ্বংসী অগ্নিকাণ্ডই মুহূৰ্ততে আগুৰি ধৰে আঠটাকৈ বাসগৃহ ৷ জুইত ভস্মীভূত হয় আটাই কেইটা বাসগৃহ। সোণৰ অলংকাৰ, নথি-পত্র সকলো জুইত জাহ যায় ৷ লগতে জুইত জ্বলি ভস্মীভূত হয় স্থানীয় এটা মছজিদৰ বহু সামগ্ৰী ৷ সম্পূর্ণৰূপে জ্বলি ভস্মীভূত এখন ই-ৰিক্সাও।

আনহাতে ঘটনাস্থলীত কে’বা খনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অহৰহ চেষ্টাৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷

Exit mobile version