Body Recovered In Bokajan :বোকাজানৰ লাহৰীজান ছয়মাইলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

bokajan

Body Recovered In  Bokajan :বোকাজানৰ লাহৰীজান ছয়মাইলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বোকাজান মহকুমাৰ ডিলাই থানাৰ অন্তৰ্গত লাহৰীজানৰ ছয়মাইলত বৃহস্পতিবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰক্ষীয়ে এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে মৃতদেহটোত কোনো আঘাতৰ চিন নাই ৷

স্থানীয় দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ মৃতদেহটো এতিয়ালৈকে চিনাক্ত নোহোৱাত চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত ৭২ ঘণ্টালৈকে ৰাখিব বুলি জানিব পৰা গৈছে ৷

Exit mobile version