Guwahati High Court granted bail to Sankarjyoti Baruah:শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ

অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, ২২ অক্টোবৰলৈ এমহীয়া সাময়িক সকাহ প্ৰাক্তন আছু নেতাজনৰ

sankarjyoti 2

Guwahati High Court granted bail to Sankarjyoti Baruah:

শংকৰজ্যোতি বৰুৱাৰ জামিন লাভ ৷ সোমবাৰে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ২২অক্টোবৰৰ লৈকে এমহীয়া অন্তৱৰ্তীকালীন সাময়িক সকাহ লাভ কৰে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীয়ে ৷

উলেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়ৰ এগৰাকী যুৱতীয়ে শংকৰজ্যোতিৰ বিৰুদ্ধে আনিছিল প্ৰেমৰ নামত প্ৰতাৰণা আৰু মানসিক নিৰ্যাতনৰ গুৰুতৰ অভিযোগ ৷ এই সন্দৰ্ভত থানাত তৰিছিল গোচৰ ৷ যাৰবাবে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনাই দেখা দিছিল ৷ যাৰবাবে অগ্ৰিম জামিন বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল ৷ সেই অনুসৰি ২২ছেপ্তেম্বৰলৈ অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল ৷

জামিনৰ ম্যাদ উকলি যোৱাত পুনৰ জামিনৰ বাবে যোৱা শণিবাৰে কামৰূপ সত্ৰ ন্যায়াধীশ আদালতৰ কাষ চাপিছিল যদিও আদালতে জামিন নাকচ কৰে ৷ স্মতৰ্ৱ্য যে, উল্লিখিত ঘটনাৰ স’তে সাঙোৰ খোৱাৰ বাবেই কিছুদিন পূৰ্বে আছুৰ সাধাৰণ সম্পাদক পদ ত্যাগ কৰিছিল শংকৰজ্যোতিয়ে ৷ পৰৱৰ্তী সময়ত ত্যাগ কৰিছিল আছুৰ প্ৰাথমিক সদস্য পদ ৷

Exit mobile version