Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: কর্মক্ষেত্রত পদোন্নতিৰ যোগ। শৰীৰ স্বাস্থ্যক লৈ সমস্যা হ’ব পাৰে। বিশেষ কোনো কামৰ বাবে ৰাজহুৱা সম্মান পাব পাৰে। দিনটোত কর্ম আৰু ভাগ্য সহায়ক হ’ব। ঘৰত অতিৰিক্ত জাক-জমকৰ প্ৰয়াসৰ পৰা বিৰত থাকিব। বিদ্যার্থীৰ শুভ ফল। প্ৰেম আৰু দাম্পত্যত অশান্তি থাকিব।

বৃষ: কর্মক্ষেত্রত সুনাম বৃদ্ধিৰ যোগ। মামলা মোকদমাত জয়ী হোৱাৰ সম্ভাৱনা আছে। দিনটোত অসহায় ভাব বৃদ্ধি পাব। ব্যৱসায়- বাণিজ্যত নতুন বিনিয়োগ শুভ ফলদায়ক হ’ব। বিদ্যার্থীৰ বাবে দিনটো শুভ ফলদায়ক।

মিথুন: কর্মক্ষেত্রত প্রগতি কিন্তু অপবাদও হ’ব পাৰে। দিনটোত ধৈর্য্য আৰু সংযম বজাই ৰখাৰ চেষ্টা কৰিব। মানসিক ফালৰ পৰা হতাশাৰ মাত্রাই বেছি হ’ব। আকস্মিকভাৱে অসংযত হোৱা প্ৰৱণতা লক্ষ্য কৰিব পৰা যায়।

কর্কট: গুৰুজনৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা। পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে। বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায়। নিবনুৱাসকল চেষ্টাত সফল হ’ব পাৰে।

সিংহ: উন্নত পৰিৱেশৰ আশা। পাৰিবাৰিক সু-সংবাদ পোৱাৰ কাৰক। আর্থিক দিশত কিছু ভালেই। পঢ়া-শুনাত যোগ্যতা থাকিব। কোনো লোকৰ সান্নিধ্যত সুখ পাব।

কন্যা: অপ্রত্যাশিতভাৱে পাৰিবাৰিক ক্ষেত্ৰত জামেলা আহিব পাৰে। প্রেম-প্রীতিৰ ক্ষেত্ৰত অশানুৰূপ ফল নাপাব। দৈনন্দিন কর্মত সুনাম বৃদ্ধিৰ যোগ। আকস্মিক ভাৱে অর্থ সম্পদ প্রাপ্তিৰ যোগ দেখা যায়।

তুলা: আৰ্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব। দুৰ্ভাৱনাই দিনটোৱে আমনি কৰিব। ব্যৱসায়ত গুপ্ত শত্ৰুৰ পৰা সাৱধান। ভ্ৰমণৰ চেষ্টাত লাভৱান হ’ব। ঘৰুৱাত নতুন পৰিকল্পনা।

বৃশ্চিক: আনন্দ লাভ। সু-সংযোগত মনত উৎসাহ থাকিব। আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব। কর্মক্ষেত্রত উন্নত পৰিৱেশ। ব্যৱসায়ত শুভ।

ধনু: ঘৰুৱা দিশত বেয়া নহ’ব। দুই-এটা চেষ্টত সফল। কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব। কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব।

মকৰ: কৰ্মক্ষেত্ৰত সাফল্যৰ যোগ। দিনটোত মানসিক অস্থিৰতা বৃদ্ধি পাব। স্বাস্থ্যৰ প্ৰতিৰ লক্ষ্য ৰাখিব লাগিব। অনাৱশ্যক ব্যয়ৰ মাত্ৰা বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব। দিনটোত শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব, গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব লাগিব। প্রেমত সাফল্য।

কুম্ভ: সাৱধানেৰে চলক। শৰীৰ বৰ শুভ বুলিব নোৱাৰি। কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক। বাদ-বিসম্বাদৰ পৰা আঁতৰক।

মীন: ৰাজহুৱা কামত খ্যাতি ম্লান নহয়। শৰীৰ মধ্যম। বন্ধুবৰ্গৰ লগত সু-সম্বন্ধ থাকিব। বিদ্যাত ভালেই। ব্যৱসায়ীসকল বাধাৰ সম্মুখীন হ’ব পাৰে। ভ্ৰমণত সুখ।

Exit mobile version