Israel orders closure of Al Jazeera office:সংবাদ সংস্থা আল জাজিৰাৰ কাৰ্যালয় বন্ধৰ নিৰ্দেশ ইজৰাইলৰ

alzazira

Israel orders closure of Al Jazeera office:

এইবাৰ আন্তর্জাতিক সংবাদ সংস্থা আল জাজিৰাক কাৰ্যালয় বন্ধ কৰিবলৈ জাননী জাৰি কৰিলে ইজৰাইলৰ সেনাবাহিনীয়ে। ৱেষ্ট বেংকৰ ৰামাল্লা চহৰত স্থিত কাটাৰভিত্তিক সংবাদ সংস্থা আল জাজিৰাৰ কাৰ্যালয়ত ইজৰাইলী সেনাই আক্ৰমণ কৰা বুলি সংবাদ সংস্থাটোৱে অলপতে প্রকাশ কৰিছিল।

ইজৰাইলী সেনাই ৪৫ দিনৰ ভিতৰত আল জাজিৰাক উক্ত কার্যালয় বন্ধ কৰিবলৈ সময়সীমা বান্ধি দিলে। কি কাৰণত সংবাদ সংস্থাটোক কার্যালয় বন্ধ কৰিবলৈ নির্দেশ দিয়া হ’ল সেয়া এতিয়াও ইজৰাইলী সেনাই ৰাজহুৱা কৰা নাই।

Exit mobile version