Fight between two traffic policemen on the busy streets of Guwahati : মহানগৰীৰ সদাব্যস্ত ৰাজপথত দুই আৰক্ষী মাজত মাৰপিট

trafic police

Fight between two traffic policemen on the busy streets of  Guwahati :

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষী জোৱান- বিষয়াক শৃংখলাবদ্ধতাৰ ওপৰত যিমানেই নীতি শিক্ষা নিদিয়ক কিয় একাংশ আৰক্ষীৰ কৰ্মকাণ্ডই আৰক্ষীৰ ভাৱমূৰ্তি ম্লান কৰি আহিছে ৷

বুধবাৰে মহানগৰীৰ সদাব্যস্ত ৰাজপথত দুই আৰক্ষীৰ মাজত চলিল তয়াময়া যুদ্ধ। জু- ৰোড উৰণ সেতুৰ তলত কৰ্তব্যৰত অৱস্থাত দুই ট্ৰেফিক আৰক্ষীৰ মাজত প্ৰচণ্ড ঘুচিয়াঘুচি ৷ অৱশ্যে এই দৃশ্য প্ৰত্যক্ষ কৰে আন এজন আৰক্ষী সহ বহু পথচাৰীয়ে ৷ ইয়াৰ মাজতে কোনো লোকে এই কাজিয়াৰ দৃশ্যৰাজি বন্দী কৰিলে ম’বাইল ৷ লগে লগে ভাইৰেল হ’ল চ’ছিয়েল মেডিয়াত ৷

এতিয়া প্ৰশ্ন হয় ,ৰাজহুৱা স্থানত দুৰ্বাদল কাজিয়া লগা এই সকল আৰক্ষীক নাকী লগাবলৈ সক্ষম হ’বনে আৰক্ষী বৰমুৰীয়া সকলে ৷

Exit mobile version