kasutali Eviction drive:সোণাপুৰৰ কচুতলীত আজিও অব্যাহত প্ৰশাসনৰ উচ্ছেদ অভিযান

কচুতলীৰ কেইবাঠাইতো প্ৰশাসনে ভাঙিলে, প্রশাসনে বৃহৎ সমৰসজ্জা গঢ়ি তুলিছে কচুতলিত, কচুতলি এৰিছে একাংশ বেদখলকাৰীয়ে

kasutali 1 1

kasutali Eviction drive:

পুনৰ বেদখলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ হৈছে। প্ৰশাসনৰ বেদখল উচ্ছেদ অভিযান পুনৰ চলিল গুৱাহাটীৰ পার্শ্বৱর্তী সোণাপুৰৰ জনজাতি বেষ্টনীৰ ভূমিত। সোণাপুৰৰ – কচুতলিৰ এক নম্বৰ খণ্ডৰ জনজাতি বেষ্টনীৰ কেডেস্ট্রেল একচনা জমি, ম্যাদী পট্টা আৰু সেউজ মণ্ডল বুলি চিহ্নিত অঞ্চলসমূহত আজি দ্বিতীয়দিনাও উচ্ছেদ অভিযান চলায়। ইয়াৰ পূৰ্বে বেদখলকাৰীসকলে নিজ নিজ ঘৰ এৰি টালি- টোপোলা লৈ আঁতৰি যায়। পূর্ব নির্ধাৰিত সূচী অনুসৰি প্রশাসনে বৃহৎ সমৰসজ্জা গঢ়ি উচ্ছেদ অভিযান চলায়। এই অভিযানৰ সময়ত বেদখলকাৰীসকলৰ ডেৰ শতাধিক বাসগৃহ উচ্ছেদ কৰা হয় বুলি সূত্রই প্রকাশ কৰিছে।

সূত্ৰৰ মতে, জনজাতি বেষ্টনীত বসবাসৰ যোগ্যতা নথকা সকলকহে  উচ্ছেদ কৰা হৈছে। ১৯৫০ ত জনজাতি বেষ্টনী গঠনৰ পূৰ্বে উক্ত অঞ্চলৰ ভূমিৰ ১৯২৩-২৭ৰ ভূমি বন্দৱস্তি আছে, সেইসকল অসংৰক্ষিত শ্ৰেণীৰ লোকক উচ্ছেদ – কৰা নহয় বুলি প্রশাসনৰ সূত্রই জনাইছে। একেদৰে কচুতলি পথাৰৰ ছটা খণ্ড (ছেক্টৰ) ৰ মুঠ ১১১টা দাগৰ ৭০৮ বিঘা জমি অৰু মুঠ ৯৪৪টা বেদখলকাৰীৰ গৃহ উচ্ছেদৰ বাবে সামৰি লোৱা হৈছে বুলিও প্রশাসনৰ সূত্ৰই সদৰী কৰিছে । মঙলবাৰৰ পৰা অব্যাহত থকা অভিযান বেদখলমুক্ত নোহোৱালৈকে চলিব বুলি জানিব দিয়ে সোণাপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে ৷

Exit mobile version