CM’s letter to Union Road Transport Minister:কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰীলৈ মুখ্যমন্ত্ৰীৰ চিঠি

যোৰহাট- মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য বন্ধক লৈ এই পত্ৰ, নিৰ্মাণ কাৰ্য পুনৰ আৰম্ভ কৰিবলৈ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান নীতিন গাডকাৰীক

cm

CM’s letter to Union Road Transport Minister:

যোৰহাট-মাজুলী দলঙৰ স্তব্ধ নিৰ্মাণকাৰ্যত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীক হস্তক্ষেপৰ দাবী৷ সামাজিক মাধ্যমত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট ৷

উল্লেখ্য যে ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে দলংখনৰ নিৰ্মাণকাৰ্য নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰি তাৎক্ষণিকভাৱে হস্তক্ষেপৰ অনুৰোধ৷ ২০২৫ৰ ডিচেম্বৰৰ পূৰ্বে দলংখন সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ ৰাজ্য চৰকাৰৰ ৷

দলংখন নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল ৬৫০ কোটি টকা ৷ ইউ পি ষ্টেট ব্ৰীজ কৰ্প’ৰেশ্যন লিমিটেডে লাভ কৰিছিল দলং নিৰ্মাণৰ ঠিকা ৷ কিন্তু হঠাৎ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণস্থলী পৰিত্যাগ কৰাত সাময়িকভাৱে বন্ধ হৈ পৰিছে কাম ৷ প্ৰয়োজনত পুনৰ নিবিদা দিবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক ৷

Exit mobile version