Two kilograms of heroin disappeared from police custody:আৰক্ষীৰ জিম্মাৰ পৰাই হেৰাল দুই কিলোগ্রাম নিষিদ্ধ হেৰ’ইন

উচ্চ ন্যায়ালয়ৰ শুনানিত জব্দকৃত হেৰ ইনৰ তথ্য দাখিলত ব্যৰ্থ তদন্তকাৰী আৰক্ষী, ডিজিপিক ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ ন্যায়ালয়ৰ, ২০২২ত কাৰ্বি আংলঙত জব্দ হৈছিল ১,৯৯৫.২৫ গ্রাম হেৰ'ইন

GHC

Two kilograms of heroin disappeared from police custody:

অসম আৰক্ষীৰ জিম্মাৰ পৰা উধাও হৈছে দুই কিলোগ্রাম নিষিদ্ধ হেৰ’ইন। বিগত ২০২২ৰ মে’ত কাৰ্বি আংলঙৰ ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত জব্দকৰা হৈছিল ১,৯৯৫.২৫ গ্রাম হেৰ’ইন। ১৫২ টা চাবোনৰ বাকচৰ ভিতৰত ভৰাই চোৰাংকৈ সৰবৰাহ হাৱাৰ কৰা অৱস্থাতে এই বৃহৎ পৰিমাণৰ হেৰ’ইন আৰক্ষীয়ে জব্দ কৰিছিল। এই সৰবৰাহৰ লগত জড়িত

পৰৱৰ্তী সময়ত তথা বিগত বৰ্ষৰ জুলাইত কাৰ্বি আংলঙৰ স্থানীয় আদালতে অভিযুক্ত দুয়োজনক দোষী সাব্যস্ত কৰি ১০ বছৰৰ বাবে কাৰাদণ্ডৰ ৰায় বিহিছিল। ইয়াৰ পাছত দোষী সাব্যস্ত হোৱা দুয়োজনে তেওঁলোকৰ বিৰুদ্ধে দিয়া ৰায়ক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত উন্নত আবেদন দাখিল কৰে।

এই আবেদনৰ ভিত্তিত ৰজু হোৱা গোচৰৰ শুনানিত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এ ডি চৌধুৰীৰ আদালতে গোটেই বিষয়টোত ‘নার্ক’টিক ড্রাগছ এণ্ড ছাইক’ট্রপিক ছাবষ্টেলেছ’ (এনডিপিএছ) আইনৰ ব্যাপক উলংঘনৰ তথ্য নিশ্চিত কৰে। যাৰ ফলত নিম্ন আদালতে দিয়া ৰায়টো উচ্চ ন্যায়ালয়ে খাৰিজ কৰে।

কিন্তু এই শুনানিত আৰক্ষীৰ পৰা যি তথ্য দাখিল কৰা হয়, সেয়া ন্যায়ালয়ৰ বাবে হৈ পৰে আশ্চৰ্যকৰ। আৰক্ষী তথা তদন্তকাৰী বিষয়াই শুনানিত ন্যায়ালয়ক জনায় যে জব্দকৃত বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি বর্তমান ক’ত আছে তেওঁ জ্ঞাত নহয়। তেতিয়া ড্রাগছখিনি ইতিমধ্যে নষ্ট কৰি পেলোৱা হৈছে নেকি বুলিও প্রশ্ন উত্থাপিত হয় ।

আশ্চৰ্যকৰভাৱে সেই তথ্যও আৰক্ষীৰ হাতত নাই। ইয়াৰ ফলত ন্যায়ালয়ে অন্য এটা দিশেৰেও বিষয়টো বিশ্লেষণ কৰে। সেয়া হ’ল সফলতা অৰ্জনৰ বাবে আৰক্ষীয়ে ভুৱা গোচৰত সংশ্লিষ্ট লোক দুজনক গ্ৰেপ্তাৰ কৰিছিল নেকি? তেতিয়া গোটেই বিষয়টো স্পষ্ট হ’বলৈ ন্যায়ালয়ে এজন দণ্ডাধীশক দায়িত্ব অর্পণ কৰে। দণ্ডাধীশেও ন্যায়ালয়ত সকলো তথ্য দাখিল কৰিব নোৱাৰিলে।

জব্দ কৰা ড্ৰাগছখিনিৰ আৰক্ষী থানাৰ মালখানা, আদালত অথবা নিয়ম অনুসৰি তথ্য থাকিবলগীয়া আন কোনো স্থানতে সম্ভেদ নাপালে। ফলত এজনীয়া বিচাৰপীঠখনে মন্তব্য কৰে যে জব্দ কৰা ড্ৰাগছখিনিৰ অৱস্থিতিক লৈ কোনো সন্তোষজনক তথ্য উদ্ধাৰ নহ’ল। আনকি নষ্ট কৰি পেলোৱাৰো কোনো তথ্য নাই।

ন্যায়ালয়ে নিজৰ পৰ্যবেক্ষণত উল্লেখ কৰে যে জব্দ কৰাৰ সময়ত স্বতন্ত্র সাক্ষীৰ উপস্থিতিত ড্রাগছখিনি থিতাতে নে অন্য কোনো স্থানত ছীল কৰা হৈছিল সেয়া গভীৰভাৱে গণ্য কৰিবলগীয়া এটা বিষয়। গতিকে ইয়াৰ তদন্ত হোৱা উচিত। ইয়াৰ ভিত্তিতে ন্যায়ালয়ে অসম আৰক্ষীৰ সঞ্চালক প্রধানক এই ঘটনাৰ তদন্ত কৰিবলৈ নির্দেশ দিয়ে।

তদুপৰি কাৰ্বি আংলঙৰ জিলা-সত্র ন্যায়াধীশ আৰু কাৰ্বি আংলঙৰ ডিস্ট্রিক ড্রাগ ত ডিছপ’জেল কমিটীৰ পৰাও তৎকালে ইয়াৰ এক প্রতিবেদন বিচাৰিছে। এই প্রতিবেদন সংশ্লিষ্ট পক্ষ দুটাই ন্যায়ালয়ৰ তদাৰকী শাখাৰ পঞ্জীয়কক দাখিল কৰিব লাগিব।

Exit mobile version