Heavy rains are expected in various parts of the country on October 5-6:পাঁচ-ছয় অক্টোবৰত দেশৰ বিভিন্ন স্থানত প্রবল বৃষ্টিৰ সতৰ্কতা

imd

Heavy rains are expected in various parts of the country on October 5-6:

শুক্ৰবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)-এ অক্টোবৰত দেশৰ অধিকাংশ অঞ্চলত স্বাভাৱিকতকৈ তাপমাত্রা অধিক হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিলে। অক্টোবৰত দেশৰ একাংশ অঞ্চলত স্বাভাৱিকতকৈ অধিক বৃষ্টিপাতৰ সম্ভাৱনা আছে বুলিও আইএমডিয়ে পূর্বানুমানত উল্লেখ কৰিছে।

আইএমডিয়ে অসমৰ লগতে অৰুণাচল প্রদেশ, বিহাৰ, মধ্য প্রদেশ, অন্ধ্র প্রদেশ আৰু তামিলনাডুৰ একাংশ অঞ্চলত অহা ছয় অক্টোবৰলৈকে প্রবল বৃষ্টিৰ সম্ভাৱনা আছে বুলি সতর্কতা জাৰি কৰিলে।

পাঁচ আৰু ছয় অক্টোবৰত অসম, নগালেণ্ড, মেঘালয়, মিজোৰাম, মণিপুৰ আৰু ত্ৰিপুৰাত প্রবল বৃষ্টি হ’ব পাৰে। কাইলৈ মধ্য প্রদেশ, বিহাৰ, অসম, অৰুণাচল প্রদেশ, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা, অন্ধ্র প্রদেশ, নগালেণ্ড আৰু তামিলনাডুত প্রবল বৃষ্টিৰ সম্ভাৱনা আছে।

Exit mobile version