Musk is the first person to reach 200 million followers on ‘X’:এক্স’ত ২০০নিযুত অনুগামী অৰ্জনকাৰী প্ৰথম ব্যক্তি হ’ল মাস্ক

elon musk

Musk is the first person to reach 200 million followers on ‘X’:

টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কৰ সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ত ফল’ৱাৰ্ছ অর্থাৎ অনুগামীৰ সংখ্যা ২০০ নিযুতৰ অধিক হ’ল। ‘এক্স’ত ইমান বৃহৎ সংখ্যক অনুগামী লাভ কৰা মাস্কে হৈছে প্রথম আৰু একমাত্র ব্যক্তি।

উল্লেখ্য যে মাস্ক ‘এক্স’ৰ স্বত্বাধিকাৰীও। ২০২২ৰ অক্টোবৰত মাস্কে ৪৪ বিলিয়ন ডলাৰ এই সামাজিক মাধ্যম সংস্থাটো ক্ৰয় কৰিছিল। মাস্কৰ পাছত ‘এক্স’ত দ্বিতীয় সর্বাধিক অনুগামী থকা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ ফল’ৱাৰৰ সংখ্যা হৈছে ১৩১.৯ নিযুত।

আনহাতে, ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰ’নাল্ডৰ অনুৰাগীৰ সংখ্যা ১১৩.২ নিযুত। জনপ্রিয় সংগীত শিল্পী জাষ্টিন বিবৰৰ অনুগামীৰ সংখ্যা ১১০.৩ নিযুত। একেদৰে ‘এক্স’ত পঞ্চম সর্বাধিক অনুগামী লাভ কৰা সংগীত শিল্পী ৰিহানাৰ ফলৱাৰৰ সংখ্যা হৈছে ১০৮.৪ নিযুত।

কেটি পেৰীয়ে ১০৬.১ নিযুত ফল’ৱাৰৰে ষষ্ঠ স্থান আৰু ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১০২.৫ নিযুত ফল’ৱাৰৰে সপ্তম স্থানত আছে।

Exit mobile version