horoscope

Horoscope:ৰাশিফল

মেষ: মহাষষ্ঠী পূজা অর্থাৎ বিশ্বষষ্ঠী পূজা। দিনটো মধ্যম ষষ্ঠী পূজাৰ সময়ছোৱাত ক’লা বস্ত্ৰ পৰিধান নকৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। নিম তিতা আৰু তাল নাখাব।

বৃষঃ ষষ্ঠী পূজা উপলক্ষে মাংগলিক কলগছৰ পুলি ধৰ্মস্থানত দান দিব। নিৰামিষ আহাৰ গ্ৰহণ কৰিব। টেঙা আৰু তিতা খাদ্য বৰ্জন কৰিব। পাঁচশৰ ঘীউ চাকি প্রদান কৰিব।

মিথুন: দিনটো আনন্দত কাটিব। ব্যস্ততা থাকিব। দুর্গাদেৱীক উদ্দেশ্যে ঘীউ চাকি জ্বলাব। ষষ্ঠী পূজাস্থলীত অৱশ্যে উপস্থিত থাকিব।

কর্কট: এই তিথিক বিশ্বষষ্ঠী কোৱা হয়। আজি তিত নিষিদ্ধ। তালও নিষিদ্ধ। বিশ্বষষ্ঠী পূজা চলি থকা সময়ত ক’লা ৰঙৰ বস্ত্ৰ পৰিধান নকৰিব।

সিংহ: বিশ্বষষ্ঠী উপলক্ষে দিনটোত উপবাসে ভাল হ’ব। ষষ্ঠী পূজাৰ পাছত খাদ্য গ্রহণ কৰিব।

কন্যা: আজি মহাষষ্ঠী। এই যষ্ঠীক বিশ্ব ষষ্ঠী কোৱা হয়। আজিৰ দিনটো মধ্যম। যদিও মনত আনন্দ থাকিব। ষষ্ঠী পূজা সময়ছোৱাত ক’লা বস্ত্ৰ পৰিধান নকৰিব। আজি নিমতিতা আৰু তাল ভক্ষণ নকৰিব। কমলা ৰং শুভ।

তুলা: আজ ষষ্ঠী। কোনো সংবাদে আনন্দ দিব। খৰচো বৃদ্ধি হ’ব। আজি সন্ধিয়া পাঁচশৰ ঘীউ চাকি মহাষষ্ঠী উপলক্ষে ঘৰত প্রজ্বলন কৰিব। সেউজীয়া নাইবা ৰঙা আজিৰ শুভ ৰং। জবাব ফুল আৰু চন্দন দেৱীক চৰণত অর্পণ কৰিব। মাটি মাহ আৰু তিতা নাখাব।

বৃশ্চিকঃ ষষ্ঠী তিথি উপলক্ষে পূজাত উপস্থিত থাকিব আৰু তিতা নাখাব। নিৰামিষ আহাৰ গ্ৰহণ নকৰিব।

ধনু: পুৱা দেৱী মন্দিৰত ৰঙা ফুল দান দিব। ঘৰত পাঁচটা চাকি জ্বলাব। ষষ্ঠী পূজাত উপলক্ষে মাতৃ স্থানীয় মহিলাক মিঠাবস্তু খাবলৈ দিব।

মকৰ: যষ্ঠী পূজা উপলক্ষে ঘৰত মাংগলিক আল্পনা আঁকিব। ৰঙা বস্তু পৰিধান কবি পূজাস্থলীত থাকিব। নিৰামিষ আহাৰ খাব।

কুম্ভ: মহাষষ্ঠী পূজাত যোগদান কৰিব। কিন্তু অনুষ্ঠানত ক’লা বা মাটিয়া ৰঙৰ বস্ত্ৰ বৰ্জন কৰিব। নৱ পৰিবসক ধূপ-চাকিৰ আৰতি কৰিব।

মীন: মহাষষ্ঠী পূজাৰ দিনা ঘৰত জল পূৰ্ণ মংগল ঘটা স্থাপন কৰা ভাল। ষষ্ঠী পূজাৰ সময়ত নীলা আৰু ক’লা বস্ত্ৰ বৰ্জন কৰিব।

Exit mobile version