Five-member bench of the Supreme Court has issued a historic verdict:উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ ঐতিহাসিক ৰায়দান

১৯৭১ চনৰ ২৫ মার্চেই থাকিব বিদেশী চিনাক্তকৰণৰ ভিত্তিবর্ষ

supreme court999

Five-member bench of the Supreme Court has issued a historic verdict:

উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠৰ ঐতিহাসিক ৰায়দান। অসমৰ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ ১৯৭১। ১৯৭১ চনৰ ২৫ মাৰ্চেই হ’ব নাগৰিকত্বৰ ভিত্তিবৰ্ষ। অসম চুক্তিক মান্যতা দিলে উচ্চতম ন্যায়ালয়ে । নাগৰিকত্ব আইন ১৯৫৫ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত ৷ সংখ্যাগৰিষ্ঠতাৰে ৬এ ধাৰা বৈধ বুলি ঘোষণা কৰে |

উচ্চতম ন্যায়ালয়ৰ ৫জন ন্যায়াধীশৰ সংবিধান বিচাৰপীঠে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ৬(ক) দফা বাহাল ৰখাৰ বৈধতা ৪-১ সংখ্যাগৰিষ্ঠতাৰে সমৰ্থন কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়,ন্যায়াধীশ সূৰ্যকান্ত ,এম এম সুন্দৰেশ আৰু মনোজ মিত্ৰ ৭১’ সপক্ষে অৱস্থান কৰাৰ বিপৰীতে বিপক্ষে অৱস্থান কৰি ন্যায়াধীশ জে পাৰ্দিৱালাই কয়,ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ বাবে এই ৰায় অসাংবিধানিক ৷

উল্লেখ্য যে ১৯৮৫ চনত অসম চুক্তিৰ পিছত ইয়াক প্ৰৱৰ্তন কৰা হৈছিল । যাৰ বাবে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰা বাংলাদেশী অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাত বাধা প্ৰদান কৰা হৈছিল।

Exit mobile version