Bollywood actress Tamannaah Bhatia at the Kamakhya Temple:নীলাচল পাহাৰত মোহময়ী অভিনেত্ৰী তামান্না ভাটিয়া

পিতৃ- মাতৃৰ স'তে আৰ্শীষ ল'লে মা কামাখ্যা, বাহুবলী’ৰ অভিনেত্ৰী গৰাকী বৃহস্পতিবাৰে উপস্থিত হৈছিল গুৱাহাটীস্থ Ed কাৰ্যালয়ত, সন্মুখীন হৈছিল EDৰ মাৰাথান জেৰাৰ

bhatia 1

Bollywood actress Tamannaah Bhatia at the Kamakhya Temple:

বৃহস্পতিবাৰে পিতৃ-মাতৃৰ সৈতে গুৱাহাটীত উপস্থিত হোৱা ‘বাহুবলী’ৰ অভিনেত্ৰী তামান্না ভাটিয়াই আজি পুৱাই উপস্থিত হয় নীলাচল পাহাৰত ৷ ৰেডিশ্ব’ন ব্লু’ত নিশাটো কটোৱা অভিনেত্ৰী গৰাকী হোটেলৰ পৰা কামাখ্যা মন্দিৰলৈ ৰাওনা হৈ উপস্থিত হয় মন্দিৰত ৷ পিতৃ- মাতৃৰ সৈতে মন্দিৰত প্ৰৱেশ কৰি পূজা – অৰ্চনা কৰে দক্ষিণৰ প্ৰভাৱশালী অভিনেত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে মুম্বাইৰ পৰা আহি গুৱাহাটীত প্রবর্তক সঞ্চালকালয় (ইডি)ৰ তদন্তকাৰী দলৰ আগত উপস্থিত হয় অভিনেত্রী তমন্না ভাটিয়া। বলিউদ আৰু দক্ষিণৰ চলচ্চিত্ৰৰ আগশাৰীৰ অভিনেত্ৰী গৰাকীয়ে ইণ্ডিয়ান প্রিমিয়াৰ লীগ (আইপিএল) ক লৈ চলা নিষিদ্ধ জুৱাৰ এটা এপছৰ প্ৰচাৰত অংশগ্রহণ কৰিছিল।

মহাদেৱ অনলাইন গেমিং’ নামৰ এই এপছটোৰ প্ৰচাৰ চলোৱাৰ অভিযোগতে অভিনেত্ৰী গৰাকী এনেদৰে হাজিৰ হ’বলগীয়া হয়। ইডিয়ে ইয়াৰ পূর্বেও সংস্থাটোৰ মুম্বাইস্থিত কার্যালয়ত হাজিৰ হ’বলৈ তমন্নাক চমন দিছিল; কিন্তু তেওঁ সেই চমন উপেক্ষা কৰে। বাৰম্বাৰ চমন উপেক্ষা কৰাত ইডিয়ে আইনী ব্যৱস্থা গ্রহণৰ দিশে আগবাঢ়ে।

অভিনেত্ৰী গৰাকীক মুম্বাইৰ পৰিৱৰ্তে অসমত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে। সেই অনুসৰিয়ে বৃহস্পতিবাৰে পিতৃ- মাতৃক লগত লৈতমন্না ভাটিয়া মহানগৰীস্থিত ইডিৰ কাৰ্যালয়ত দুপৰীয়া প্ৰায় ডেৰ বজাত হাজিৰ হয়। ইয়াৰ পাছতে সন্ধিয়া পর্যন্ত তদন্তকাৰী দলে অভিনেত্ৰীগৰাকীক পাঁচঘন্টাজুৰি মাৰাথান জেৰা কৰে বুলি সূত্ৰত প্ৰকাশ।

ইডিৰ তথ্য অনুসৰি, মহাদেৱ গেমিং এপছৰ জৰিয়তে চলা অনলাইন জুৱাত কোটি কোটি টকাৰ লেনদেন হৈ আহিছে। সম্পূর্ণ বেআইনী বুলি চিহ্নিত কৰা এপছটোক জনপ্ৰিয়কৰণত তমন্না ভাটিয়াৰ লগতে বলিউদৰ আন অভিনেতা অভিনেত্রীয়েও জড়িত থকাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি,অভিনেতা ৰণবীৰ কাপুৰ আৰু অভিনেত্রী শ্রদ্ধা কাপুৰো ইয়াত জড়িত হৈছিল। অভিনেতা-অভিনেত্রীদ্বয়ে এপছটো জনপ্ৰিয় কৰিবলৈ প্ৰচাৰ চলোৱাৰ অভিযোগত ইডিয়ে তেওঁলোককো চমন দিছিল। সেই অনুসৰি দুয়ো ইডিৰ জেৰাৰ সন্মুখীন হৈছিল। অভিনেতা তথা কমেডিয়ান কপিল শর্মাকো ইডিয়ে চমন দিছিল।

উল্লেখ্য যে মহাদেৱ গেমিং এপছৰ জৰিয়তে আইপিএলৰ উপৰি ক্ৰিকেটৰ অন্যান্য প্রতিযোগিতা, ফুটবল আদিক লৈয়ো জুৱা চলি আহিছে। তথ্য অনুসৰি, বলিউদৰ বিভিন্ন ক্ষেত্রত জড়িত আগশাৰীৰ বহু অভিনেতা-অভিনেত্রী, কলা-কুশলী এই এপছটোৰ লগত সম্পর্কিত। তমন্না ভাটিয়া তেলুগু আৰু তামিল ছবি উদ্যোগৰ এগৰাকী অন্যতম জনপ্রিয় অভিনেত্রী। জনপ্রিয় ছবি বাহুবলী’ৰ তেওঁ আছিল মুখ্য অভিনেত্রী ৷

Exit mobile version