Nikita of Madhya Pradesh has been crowned Miss India:মধ্য প্ৰদেশৰ নিকিতা ‘মিছ ইণ্ডিয়া ২০২৪’ নির্বাচিত

miss india

Nikita of Madhya Pradesh has been crowned Miss India:

মধ্য প্রদেশ নিবাসী নিকিতা প’ৰৱাল ফেমিনা মিছ ইণ্ডিয়া ২০২৪ নির্বাচিত। নিকিতাই এইবাৰ মিছ ৱ’ল্ড প্রতিযোগিতাত ভাৰতৰ প্ৰতিনিধিত্ব কৰিব। উজ্জেনত ডাঙৰ-দীঘল হোৱা নিকিতাই বিগত কে’বা বছৰ ধৰি মুম্বাইত বসবাস কৰি আহিছে। দেশজুৰি ২৯ গৰাকী সুন্দৰী প্ৰতিযোগীৰ মাজৰ পৰা যোৱা নিশা বিচাৰকে নিকিতাক মিছ ইণ্ডিয়া ২০২৪ৰ বিজয়ী নির্বাচিত কৰে।

ADVERTISEMENT

এইবাৰৰ ফেমিনা মিছ ইণ্ডিয়াত ৰেখা পাণ্ডে প্ৰথম ৰাণাৰ আপ আৰু আয়ুষী ধোলকিয়া দ্বিতীয় ৰাণাৰ আপ নির্বাচিত হয়। মিছ ইণ্ডিয়া ২০২৪ৰ চূড়ান্ত প্রতিযোগিতাত ৩০ ৰাজ্যৰ প্ৰতিযোগীয়ে অংশ লৈছিল।

Exit mobile version