Tai Ahom and Chutia yuba sanmilan Protest In Guwahati:জনজাতিয়কৰণৰ দাবীত মহানগৰ উত্তাল কৰিলে টাই আহোম ছাত্র সন্থা আৰু চুতীয়া যুৱ সন্মিলন

tai

Tai Ahom and Chutia yuba sanmilan Protest In Guwahati:

জনজাতিয়কৰণৰ দাবীত শণিবাৰে মহানগৰীৰ চচলত প্ৰতিবাদমুখৰ তোলে টাই জনগোষ্ঠীৰ কে’বাটাও জাতীয় সংগঠনে ৷ টাই আহোমক জনজাতিৰ মৰ্যাদা, স্বায়ত্ত শাসন প্রদানৰ দাবীত টাই আহোম ছাত্র সন্থা, টাই আহোম যুৱ পৰিষদ,আহোম সভা, আহোম সেনাৰ শতাধিক প্ৰতিবাদকাৰীয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জনজাতি মৰ্যাদাৰ দাবীত বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীয়ে পৰিবেশ উত্তাল কৰি তোলে ৷ পিছত বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে আহোম জনগোষ্ঠীয় জাতীয় সংগঠন কেইটাই ৷

 

আনহাতে চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীৰ অন্তৰালত পূর্ণাংগ স্বায়ত্ত্বশাসিত পৰিষদ গঠনৰ দাবীত দিশপুৰৰ লাষ্টগেটৰ পৰা ‘দিশপুৰৰ জনতা ভৱন ঘেৰাও’ কাৰ্যসূচী ৰূপায়ণৰ উদ্দেশ্যৰে চুতীয়া যুৱ সন্মিলনৰ বহু সংখ্যক প্ৰতিবাদকাৰী লাষ্ট গেইটক উপস্থিত হয় ৷ হাতত প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকল জনতা ভৱন দিশে আগবাঢ়িব বিচাৰিছিল যদিও আদবাটতে আৰক্ষীয়ে বাধা প্ৰদান ৷ যাৰ বাবে ক্ষুব্ধ হৈ পৰে প্ৰতিবাদকাৰী সকল ৷ পিছত হাতত প্লেকাৰ্ড লৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গান দি আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

Exit mobile version