Friendly China-Islamic countries show thumbs up to debt-ridden Maldives:ঋণগ্রস্ত মালদ্বীপক অংগুষ্ঠ প্রদর্শন বন্ধু চীন-ইছলামিক দেশৰ

ভাৰতে কৰিলে সহায়

maldeep

Friendly China-Islamic countries show thumbs up to debt-ridden Maldives:

সামুদ্ৰিক ৰাষ্ট্ৰ মালদ্বীপ সম্প্রতি গভীৰ ঋণ সংকটৰ সন্মুখীন হৈছে। ১৯৭০ ৰ দশকৰ পৰাই মালদ্বীপৰ অর্থনীতিক পর্যটন উদ্যোগে সর্বাধিক প্রভাবিত কৰি আহিছে। কিন্তু ক’ভিড-১৯ মহামাৰীৰ সময়ত দেশখনৰ পৰ্যটন উদ্যোগ বিপর্যস্ত হোৱাত মালদ্বীপ ভয়াবহ বিত্তীয় সংকটৰ সম্মুখীন হৈছিল।

পর্যটন উদ্যোগে মালদ্বীপৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি) লৈ ২৮ শতাংশ অৱদান আগবঢ়াই আহিছে। বিদেশী মুদ্রা আহৰণৰো মুখ্য উৎস হৈছে পর্যটন। কিন্তু সম্প্রতি দ্বীপৰাষ্ট্ৰখনে বিত্তীয় সমস্যাৰ সম্মুখীন হৈছে। ভাৰতৰ স’তে হোৱা সংঘাতৰ কাৰণতো মালদ্বীপৰ পৰ্যটন উদ্যোগ ক্ষতিগ্রস্ত হৈছিল।

ঋণৰ বোজাত জৰ্জৰিত মালদ্বীপক আন্তর্জাতিক মুদ্রা নিধি (আইএমএফ) য়ে সকীয়নি দি কৈছে যে দ্বীপ ৰাষ্ট্ৰখনে যদি নিজৰ নীতি সলনি নকৰে তেন্তে ঋণৰ সমস্যাটোৱে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে।

পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মালদ্বীপে চীনৰ পৰা ২০০ নিযুত ডলাৰৰ সহায় বিচাৰিছিল। কিন্তু বন্ধু দেশখনে মালদ্বীপক সহায় নকৰিলে। ইয়াৰ পাছতে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে আন ইছলামিক বন্ধু ৰাষ্ট্ৰৰ পৰা সহায় বিচাৰিছিল যদিও সৰহ সংখ্যক দেশে আওকাণ কৰিলে। কিন্তু ভাৰতে ইতিমধ্যে মালদ্বীপক ৫০ নিযুত ডলাৰৰ সুতবিহীন ঋণ প্রদানৰে সহায়ৰ হাত আগবঢ়ালে।

Exit mobile version