Eight accused, including Vishal Phukan, Chumi Bora and Tarkik Bora, were brought to Guwahati from Dibrugarh Central jail: ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰা গুৱাহাটীলৈ অনা হ’ল বিশাল ফুকন, চুমি বৰা, আৰু তাৰ্কিক বৰা সহ আঠ অভিযুক্তক

চিবিআইৰ এটা দলে আনে গুৱাহাটীলৈ

sumi kandra

Eight accused, including Vishal Phukan, Chumi Bora and Tarkik Bora, were brought to Guwahati from Dibrugarh Central jail:

বহুচৰ্চিত অনলাইন ট্ৰেডিং গোচৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা বিশাল ফুকন,চুমি বৰা আৰু তাৰ্কিক বৰা সহ আন আঠ গৰাকীকৈ অভিযুক্তক চিবিআইৰ এটা বিশেষ দলে শুকুৰবাৰে পুৱা ৮:২৫ বজাত এখন ট্ৰেভেলাৰ বাহনত গুৱাহাটী অভিমুখে লৈ যায় ৷

উল্লেখ্য যে অনলাইন ট্ৰেডিং গোচৰত অভিযুক্ত বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰা,অভিজিৎ ছন্দ, শোভন জ্যোতি কুৰ্মী অম্লান বৰা, ৰনজিৎ কাকতি আৰু চন্দন নাথক ৩০ অক্টোবৰত গুৱাহাটীস্থ চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰাব ৷

স্মতৰ্ৱ্য যে বিশাল ফুকন আৰু ৰনজিৎ কাকতিৰ বিৰুদ্ধে অনলাইন ট্ৰেডিং সন্দৰ্ভত দুটাকৈ গোচৰ ৰজু আছে ডিব্ৰুগড় সদৰ থানাত ৷ দুয়োটা গোচৰ তদন্তৰ বাবে ডিব্ৰুগড়ত উপস্থিত হৈছিল চিবিআইৰ বিশেষ গোট ৷

মনকৰিবলগীয়া যে চুমি বিশাল,তাৰ্কিক সহ আঠজনকে গুৱাহাটীলৈ নিয়াৰ পথত কিছু সময়ৰ বাবে ৰাখি পুনৰ লৈ যোৱা হয় ৷ বৰবৰুৱা থানাত বিশাল ফুকনৰ বিৰুদ্ধে অনলাইন ট্ৰেডিং গোচৰ সন্দৰ্ভত ৮৫/২৪ নম্বৰত গোচৰ ৰজু আছিল ৷

Exit mobile version