Joint Commissioner of GST arrested for taking bribe:উৎকোচ লৈ গ্ৰেপ্তাৰ জিএছটিৰ যুটীয়া আয়ুক্ত

ধৃত বিষয়া গৰাকী ডিব্ৰুগড়ৰ জিএছটিৰ যুটীয়া আয়ুক্ত ৰাহুল কুমাৰ, মুম্বাইত কৰ্মৰত হৈ থকা সময়তে ঘোচ লৈছিল ৰাহুল কুমাৰে, গুৱাহাটীত বাহৰ পাতি থকা অৱস্থাত গ্ৰেপ্তাৰ চিবিআইৰ, একেটা গোচৰতে মুম্বাইত গ্ৰেপ্তাৰ হৈছিল মুম্বাইৰ চিজিএছটিৰ অধীক্ষক

gst 1

Joint Commissioner of GST arrested for taking bribe:

উৎকোচ লৈ গ্ৰেপ্তাৰ চিজিএছটিৰ যুটীয়া আয়ুক্ত ৷ ৬০ লাখ টকা ঘোচ লোৱাৰ অভিযোগত গুৱাহাটীত গ্ৰেপ্তাৰ হয় যুটীয়া আয়ুক্ত ৰাহুল কুমাৰক ৷ চিবিআই-এ গুৱাহাটীত বাহৰ পাতি থকা অৱস্থাত শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বিষয়া গৰাকীক ৷ ৰাহুল কুমাৰ ডিব্ৰুগড়ৰ চিজিএছটিৰ যুটীয়া আয়ুক্ত ৷

ADVERTISEMENT

উল্লেখ্য যে মুম্বাইত কৰ্মৰত হৈ থকা সময়ত যুটীয়া আয়ুক্ত গৰাকীয়ে উৎকোচ হিচাপে লৈছিল ৬০ লাখ টকা ৷ আজিয়ে ধৃত বিষয়া গৰাকীক চিবিআই- এ গুৱাহাটীস্থ বিশেষ চিবিআই আদালতত হাজিৰ কৰে ৷

স্মতৰ্ৱ্য যে যুটীয়া আয়ুক্তজনক গ্ৰেপ্তাৰৰ পূৰ্বে মুম্বাইত চিবিআই– এ আটক কৰিছিল তিনিজন জিএছটি অধীক্ষক সহ দুজন চাটাৰড একাউণ্টেটক ৷

Exit mobile version