Eight people, including Sumi- Tarkik- Vishal, will be produced in court today:আজি আদালতত হাজিৰ কৰোৱাৱ চুমি- তাৰ্কিক-বিশাল সহ আঠজনক

চিবিআইৰ বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰাব চিবিআই-এ, চিবিআইৰ দুজনীয়া দল উপস্থিত আদালতত, ডিব্ৰুগড় জেলত কাৰাৰুদ্ধ আঠ অভিযুক্তক শুকুৰবাৰে অনা হৈছিল গুৱাহাটীলৈ

sumi 66

Eight people, including Sumi- Tarkik- Vishal, will be produced in court today:

ৰাজ্যত সংঘটিত কে’বা হেজাৰ কোটিটকীয়া অনলাইন ট্রেডিং কেলেংকাৰিৰ তদন্ত কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থা (চিবিআই) লোৱাৰ পিছত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা দুটা গোচৰৰ আঠজন অভিযুক্তক শুকুৰবাৰে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে গুৱাহাটীলৈ অনা হয়। ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ইয়াৰে এটা গোচৰ বিশাল ফুকনৰ বিৰুদ্ধে আৰু আনটো গোচৰ ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ৰুজু হৈ আছে ।

‘ৰিছা’ নামৰ এখন ট্রেভেলাৰ বাহনৰে গুৱাহাটীলৈ অনা এই আঠজন অভিযুক্তৰ ভিতৰত বিশাল ফুকন আৰু ৰঞ্জিত কাকতিও আছে। আন কেইজন হ’ল চুমি বৰা, তার্কিক বৰা, অম্লানজ্যোতি বৰা, অভিজিৎ চন্দ, সুভনজ্যোতি কুর্মী আৰু চন্দন নাথ। পুৱা ৮- ২৫ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰা বাহনখন সন্ধিয়া গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত উপস্থিত হয়।

নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে বাহিৰৰ পৰা যাতে বাছখনৰ ভিতৰলৈ কোনেও নেদেখে তাৰ বাবে ডাঠ গুলপীয়া ৰঙৰ পদাৰে খিৰিকীবোৰ ঢাকি দিয়া হৈছিল। বাহনখনক আৰক্ষীৰ দুখন বাহনে নিৰাপত্তা দি পুৱা ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰিছিল। এই যাত্ৰাৰ পূর্বে ডিব্ৰুগড় আৰক্ষী ছাউনীত অভিযুক্ত আটাইকেইজনৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। যাত্রা পথৰ মাজত বাহনখন ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাত কিছু সময় ৰখোৱা হয়। এই থানাখনতো বিশাল ফুকনৰ বিৰুদ্ধে ৮৫/২০২৪ নম্বৰত এটা গোচৰ ৰুজু হৈ আছে।

উল্লেখ্য যে অসমৰ পৰা ট্রেডিঙৰ অবৈধ ব্যৱসায়ীয়ে দেশৰ বিভিন্ন ৰাজ্যলৈ এই ব্যৱসায় সম্প্ৰসাৰিত কৰিছিল। তদন্তৰ সুবিধার্থে চিবিআয়ে গুৱাহাটীকেন্দ্রিক কৰি বিষয়টো আগবঢ়াইছে। তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীলৈ অনা ট্ৰেডিং কেলেংকাৰীৰ মুল খলনায়ক বিশাল ফুকন ,চুমি বৰা আৰু তাৰ্কিক বৰাসহ আন আঠজনক চিবিআই- এ গুৱাহাটীলৈ অনাৰ পিছত আজি বিয়লি ৩ বজাত চিবিআইৰ বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰাব ৷

তাৰ পিছতে আদালতৰ জৰিয়তে জিন্মাত লোৱাৰ পিছত আজিৰ পৰাই হয়তো মহানগৰী গড়চুকস্থ চিবিআইৰ আঞ্চলিক কাৰ্যালয় অথবা গুৱাহাটী কাৰাগাৰত মাৰাথন জেৰা চলাব পাৰে আঠোজন অভিযুক্তক। ইতিমধ্যে আজি পুৱা এঘাৰ বজাৰৰ পৰাই আদালত চৌহদত হাজিৰ হয় চিবিআই দুজনীয়া জ্যেষ্ঠ বিষয়াই ৷

উল্লেখ্য যে অহা ৩০ অক্টোবৰত গুৱাহাটীস্থ চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ কথা আছিল যদিও আজিয়ে হাজিৰ কৰাব আদালতত ৷

স্মতৰ্ৱ্য যে, যোৱা ১২ অক্টোবৰত চিবিআইৰ এটা দল ডিব্ৰুগড়ত উপস্থিত হৈছিল আৰু তদন্তৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছিল। অভিযুক্তকেইজনক গুৱাহাটীলৈ স্থানান্তৰ কৰিবলৈ চিবিআয়ে ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত প্রয়োজনীয় প্রক্রিয়াও সম্পন্ন কৰে।

প্ৰসংগক্রমে উল্লেখ্য যে ট্রেডিঙৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যিখিনি তদন্ত আগবঢ়াইছিল, তাক লৈ চিবিআই সম্পূর্ণ সন্তুষ্ট হ’ব পৰা নাই। সেয়েহে কেন্দ্রীয় সংস্থাটোৱে প্রাথমিক পৰ্যায়ৰ পৰাই তদন্ত আৰম্ভ কৰিছে । এনে কাৰণতে অভিযুক্ত কেইজনক গুৱাহাটীলৈ প্ৰেৰণ কৰিলেও চিবিআইৰ ১২ জনীয়া দলটো কেইদিনমান ডিব্ৰুগড়তে থাকিব।

চিবিআয়ে তেলেংগানা, কৰ্ণাটক, হাৰিয়ানা আদিতো তদন্ত অব্যাহত ৰাখিছে। কাৰণ অসমৰ পৰা নিয়ন্ত্ৰণ হোৱা অবৈধ এই ব্যৱসায়ত দেশৰ কমেও ছখন ৰাজ্যৰ লোকৰ বিনিয়োগৰ তথ্য পোহৰলৈ আহিছে ।

Exit mobile version