Assam Online Trading Scam:চিবিআইৰ জিন্মালৈ চুমি-বিশাল-তাৰ্কিকসহ ৮ অভিযুক্ত

চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰি লৈছিল জিন্মাত, আঠ অভিযুক্তত তিনিদিন ধৰি জেৰা চলাব চিবিআইয়ে

sumi

Assam Online Trading Scam:

বহুচৰ্চিত ট্ৰেডিঙ কেলেংকাৰীৰ ৮ অভিযুক্তক তিনি দিনৰ বাবে জিম্মাত ল’লে চিবিআইয়ে ৷ চুমি-বিশাল-তাৰ্কিকসহ ৮ অভিযুক্ত বুধবাৰে তদন্তকাৰী সন্থাটোৱে হাজিৰ কৰিছিল চিবিআইৰ বিশেষ আদালতত

পিছত আদালতৰ জৰিয়তে তিনিদিনৰ বাবে জিন্মাত লয় কোটি-কোটি টকা আত্মসাৎ কৰা অভিযুক্তক বিশাল ফুকন, চুমি বৰা, তাৰ্কিক বৰাসহ ৮ অভিযুক্তক ৷

উল্লেখ্য যে,আঠ অভিযুক্তক সাতদিৰ বাবে জিন্মাত বিচাৰিছিল যদিও আদালতে তিনিদিনৰ বাবে দিয়ে জিন্মাত ৷ শনিবাৰে পুনৰ আদালতত হাজিৰ কৰাব ৮ অভিযুক্তক।

আটাইকেইজন অভিযুক্ত এতিয়া আলহী হ’ব মহানগৰীৰ গড়চুকস্থ চিবিআইৰ আঞ্চলিক কাৰ্যালয়ৰ ল’কাপৰ । ট্ৰেডিঙৰ নামত কোটি-কোটি টকা আত্মসাৎ কৰা আঠ অভিযুক্তক তদন্তকাৰী সন্থাটোৰ বিষয়াই চলাব মাৰাথন জেৰা

Exit mobile version