Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: চাকৰি ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব, ব্যৱসায়-বাণিজ্যত শুভ। দিনটোত আয় অপেক্ষা ব্যয়ৰ মাত্রা বৃদ্ধি পাব। নিবনুৱা জাতক-জাতিকাই চেষ্টাৰ ফল পাব৷ আজি নিৰামিষ আহাৰ কৰিব।

বৃষ: কৰ্মত অস্থিৰতা দেখা দিব পাৰে। আত্মীয়ৰ লগত মতান্তৰ হ’ব পাৰে। অযথা চিন্তা বৃদ্ধি। প্রাপ্য অৰ্থ প্ৰাপ্তিৰ যোগ। অধিক খঙৰ কাৰণে একাধিক সুযোগ হাত এৰা হ’ব পাৰে। বন্ধুৰ দ্বাৰা সন্মান হানিৰ যোগ। বিদ্যার্থীৰ বাবে দিনটো শুভ ফল দায়ক। বৃষৰ জাতক-জাতিকাই বগা গৰুৰ গাখীৰ শিৱ লিংগত ঢালিব।

মিথুন: কর্মক্ষেত্রত মধ্যম ফলদায়ক। বিশেষ কাৰণত কিছু অৰ্থ ঋণ কৰিব লগা হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফল। সন্তানৰ বিদ্যাৰ কাৰণে পিতৃ- মাতৃৰ চিন্তা, প্ৰেম আৰু দাম্পত্যত কাজিয়া-পেচালৰ সম্ভাৱনা। চন্দনেৰে শিৱৰ পূজা অর্চনা কৰিব। শুভ ৰং বগা।

কর্কট: কর্মক্ষেত্রত সাফল্য লাভ।ব্যৱসায়-বাণিজ্যত মধ্যম। অসমত আর্থিক উন্নতিৰ যোগ। দাম্পত্যত শান্তি বজাই থাকিব। শৰীৰ স্বাস্থ্য বিশেষ ভাল নাযাব। গাখীৰৰ লগত অলপ ঘিউ মিহলাই শিৱ লিংগত ঢালিব।

সিংহ: কর্মক্ষেত্রত বিভাজন পৰিবৰ্তনৰ যোগ দেখা যায়। পুৰণি কামৰ সমাপ্তি আশা কৰিব পাৰে। দৈনন্দিন কৰ্মত খেলিমেলি দেখা দিব পাৰে। আর্থিক ক্ষতি হ’ব পাৰে। আর্থিকত মধ্যম ফল। প্রেমত অশান্তি বৃদ্ধি। সিংহৰাশিৰ জাতক-জাতিকাই গাখীৰৰ লগত গংগাপানী মিহলাই শিৱৰ মূৰত ঢালিব।

কন্যা: পাৰিবাৰিক ক্ষেত্ৰত শান্তি বজাই থাকিব। আর্থিক ক্ষেত্ৰত আশা কৰা মতে ফল নাপাব। পুৰণি সমস্যাৰ সমাধান হ’ব পাৰে। গোপন শত্রু সম্পর্কে সতর্ক থাকিব। উচ্চ ৰক্ত চাপজনিত ৰোগীসকলে সতর্কতা অৱলম্বন কৰিব। ব্যৱসায়ত শুভ। বিদ্যার্থীৰ মধ্যম ফল। কন্যাৰাশিৰ জাতক- জাতিকাই গাখীৰৰ লগত অলপ মৌ মিহলাই শিৱৰ মূৰত ঢালিব।

তুলা: কর্মক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ। মনৰ গোপন কথা আনৰ আগত প্ৰকাশ কৰিলে ক্ষতি হ’ব পাৰে। নিজৰ ভুলত বিপদত পৰিব পাৰে। আর্থিক ক্ষেত্রত শুভ যদিও অধিক ব্যয়-বৃদ্ধিৰ ফলত মানসিক উদ্বেগ বৃদ্ধি পাব।

বৃশ্চিক: পাৰিবাৰিক দিশত সম্মান বৃদ্ধি। কোনোবাই প্ৰতাৰণা কৰিব পাৰে। ব্যৱসায়-বাণিজ্যত বাধা থাকিব। আর্থিক দিশত দিনটোত তেনেকৈ ভাল ফল নাপাব। ঠিকাদাৰী ব্যৱসায়ত উন্নতিৰ যোগ।

ধনু: চাকৰিত সম্মান প্ৰাপ্তিৰ যোগ। মনৰ আশা ভংগ হ’ব পাৰে। প্ৰাপ্য ধন প্ৰাপ্তিৰ যোগ আছে। ঘৰত মাংগলিক অনুষ্ঠানৰ সম্ভাৱনা দেখা দিব পাৰে। ই ধনুৰাশিৰ জাতক-জাতিকাই আজি গাখীৰৰ লগত অলপ দৈ মিহলাই শিৱ লিংগত ঢালিক।

মকৰ : পাৰিবাৰিক অশান্তিৰ কাৰণে দৈনিক কৰ্মত বাধা। নিজৰ ভুলৰ কাৰণে বিপদত পৰিব পাৰে। অযথা চিন্তাৰ ফলত শৰীৰ ক্ষতি হ’ব পাৰে।

কুম্ভ: অযথা বিবাদৰ ফলত দৈনন্দিন কৰ্মত ক্ষতি। মনৰ অৱস্থাৰ বিশেষ ভালেৰে নাযাব। বিভিন্ন প্রতিকূল পৰিস্থিতিত বন্ধুৰ সহায় আশা কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতক-জাতিকাই বেলপাতেৰে পূজা কৰিব।

মীন: কর্মক্ষেত্রত বাধা থাকিব। কিবা বিষয়লৈ পিতৃ-মাতৃৰ লগত মতবিৰোধ দেখা দিব পাৰে। পৰিকল্পিত ব্যৱসায়ৰ ক্ষেত্ৰত বাধা থাকিব। মানসিক চঞ্চলতাৰ কাৰণে ক্ষতি। চাকৰি ক্ষেত্ৰত সহকর্মীৰ লগত মতানৈক্যই দেখা দিব পাৰে।

Exit mobile version