Journalist killed at his residence in Uttar Pradesh:উত্তৰ প্ৰদেশত এইবাৰ বাসগৃহতে সাংবাদিকক হত্যা

ppp

Journalist killed at his residence in Uttar Pradesh:

যোগী আদিত্যনাথ শাসিত উত্তৰ প্ৰদেশত এইবাৰ সাংবাদিকক বাসগৃহতে হত্যাৰ ভয়াৱহ ঘটনা সংঘটিত। ৰাজ্যখনৰ ফতেপুৰৰ বাসিন্দা দিলীপ ছাইনী নামৰ এজন সাংবাদিকৰ বাসগৃহত দুষ্কৃতিকাৰীয়ে প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল।

ADVERTISEMENT

৩৮ বছৰীয়া ছাইনীক আক্ৰমণৰ সময়ত ঘটনাস্থলীত উপস্থিত আছিল সাংবাদিকজনৰ বন্ধু আৰু বিজেপিৰ সংখ্যালঘু শাখাৰ নেতা ছাহিদ খান। দুষ্কৃতিকাৰীয়ে গুলিবর্ষণ কৰাৰো অভিযোগ উঠিছে।

আততায়ীৰ আক্ৰমণত আহত ছাইনী আৰু তেওঁৰ বন্ধু ছাহিদক চিকিৎসালয়লৈ নিয়া হয় যদিও ছাইনীক চিকিৎসকে মৃত ঘোষণা কৰে। সাংবাদিক ছাইনীৰ হত্যাকাৰীক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই।

Exit mobile version