Bangladesh will be plunged into darkness if the Adani Power Group is not paid :
ভাৰত তথা বিশ্বৰ এজন আগশাৰীৰ উদ্যোগপতিৰ ওচৰত ধৰুৱা চুবুৰীয়া ক্ষুদ্ৰ দেশ বাংলাদেশ ৷ দেশ খনলৈ বহুবছৰ বিদ্যুত যোগান ধৰি আহিছিল উদ্যোগ পতিজনৰ অধীনস্থ প্ৰতিষ্ঠানটোৱে ৷
উল্লেখ্য যে বাংলাদেশৰ ক্ষমতাধিষ্ঠ শ্বেখ হাছিনা ক্ষমতাচ্যুত হৈ দেশান্তৰিত হোৱাৰ পিছত শেহতীয়াকৈ দেশখনৰ শাসনত অধিষ্ঠিত হয় শান্তি নবেল বঁটা প্ৰাপক মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰ । চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছৰে পৰা চৰম অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰ ।
আনহাতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে বিদ্যুত সংকটত আন এক বিপদৰ সন্মুখীন মহম্মদ ইউনুছ ৷ স্মতৰ্ৱ্য যে,শ্বেখ হাছিনা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত আৰু বৰ্তমানলৈকে বিদ্যুত যোগান দি আহিছে ভাৰতৰ শীৰ্ষ ধনকুবেৰ গৌতম আদানীৰ ‘আদানী পাৱাৰো গ্ৰুপে ৷
উক্ত দিনৰ ভিতৰত বকেয়া সমুদায় ধন পৰিশোধ নকৰিলে আদানী পাৱাৰো গ্ৰুপে বাংলাদেশলৈ দি অহা বিদ্যুত যোগান বন্ধ কৰি দিব ৷ কাৰ্যত অন্ধকাৰত ডুব যাব চুবুৰীয়া দেশখন ৷ ইতিমধ্যেই দৈনিক দি অহা ১৪শ মেগাৱটৰ পৰা কৰ্তন কৰি আহিছে বিদ্যুত যোগান ৷ যাৰবাবে যোৱা এটা পষেক দিন ধৰি ব্যাপক লোড শ্বেডিং হৈছে ৰাজধানী ঢাকা সহ বহু কেইখন জিলা- উপ- জিলাত।
এনেক্ষেত্ৰত মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে ৭ নৱেম্বৰৰ ভিতৰত বকেয়া ৮৫০ মিলিয়ন ডলাৰ ‘আদানী পাৱাৰ গ্ৰুপ’ক দিবলৈ সক্ষম হ’বনে ৷