Election Commission has announced new dates for by-elections in 14 constituencies: দেশৰ ১৪ টা সমষ্টিৰ উপ-নিৰ্বাচনৰ নতুন দিন ঘোষণা নিৰ্বাচন আয়োগৰ

election

Election Commission has announced new dates for by-elections in 14 constituencies:

দেশৰ ১৪ টা বিধানসভা সমষ্টিৰ উপ- নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিন পুনৰ সলনি কৰিলে নিৰ্বাচন আয়োগে। সোমবাৰে জাৰি কৰা এক নিৰ্দেশনা অনুসৰি উত্তৰ প্ৰদেশ,কেৰালা আৰু পঞ্জাৱৰ ১৪ টা বিধানসভা সমষ্টিৰ ভোটদানৰ দিন পুনৰ নিৰ্ধাৰণ কৰে ৷

ADVERTISEMENT

নতুন নিৰ্দেশনা অনুসৰি পূৰ্বৰ ১৩ নৱেম্বৰৰ পৰিৱৰ্তে ২০ নৱেম্বৰ ভোট গ্ৰহণ হ’ব। ২০ নৱেম্বৰত ভোটদান হ’ব লগা সমষ্টি কেইটা হ’ল উত্তৰ প্ৰদেশত ১৬ নং মীৰাপুৰ, ২৯ নং কুনডাৰকী, ৫৬ন নং গাজিয়াবাদ, ৭১ নং খেইৰ, ১১০ নং কাৰ্হাল, ২১৩ নং ছিছামাও, ২৫৬ নং ফুলপুৰ, ২৭৭ নং কাটেহাৰী আৰু ৩৯৭ নং মাজাৱনত ,কেৰালাৰ ৫৬ নং পাল্লাকাডাত আৰু পঞ্জাৱৰ ১০ নং ডেৰা বাবা নানাক, ৪৪ নং চব্বেৱাল, ৮৪ নং গিড্ডেৰবাহা, ১০৩ নং বাৰ্নালাত ৷

Exit mobile version