Preparations For Sri Sri Jagaddhatri Puja In Ghagrapar:ঘগ্ৰাপাৰৰ ঐতিহ্যমণ্ডিত নিমুৱা বুঢ়াগোহাঁই থানত ৪৪ সংখ্যক শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ প্রস্তুতি

সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ-ৰূপাংকৃতা-অলংকৃতাৰ গীতৰ শৰাই

puja 1

Preparations For Sri Sri Jagaddhatri Puja In Ghagrapar:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্রৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত নিমুৱা বুঢ়াগোঁহাই থানত ৪৪ সংখ্যক শ্ৰীশ্ৰী জগদ্ধাত্ৰী পূজাৰ ৭ নৱেম্বৰৰ পৰা ১১নৱেম্বৰলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ ব্যাপক আয়োজন কৰা হৈছে । পূজা ভাগ নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ভৱেন বড়োক সভাপতি,যাদৱ কলিতাক কাৰ্যকৰী সভাপতি, ভৱেশ বৰদলৈ আৰু ডিম্বেশ্বৰ হালৈক সাধাৰণ সম্পাদক হিচাপে লৈ ইতিমধ্যে এখন সমিতি গঠন কৰা হৈছে৷ উল্লেখ্য যে উক্ত পুজাখনিত অঞ্চলটোৰ মুছলমান-বড়ো লোকসকলেও সহায় সহযোগিতা আগবঢ়ায়।

উল্লেখ্য যে চতুৰ্থ দিনা অৰ্থাৎ ১০ নৱেম্বৰ তাৰিখে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ৰূপাংকৃতা আৰু অলংকৃতাই সংগীত পৰিবেশন কৰিব।

 

Exit mobile version