Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: নানা ধৰণৰ চিন্তা থাকিব। অবশ্যে পূর্বতে দিয়া কথাৰ প্ৰতি বেছি সক্রিয় হোৱাৰ দৰকাৰ। আপোনাৰ শুভ বর্ণ বগা। বগা ৰং ব্যৱহাৰ কৰিব। যাত্রা শুভ। শুভ সংখ্যা ৩।

বৃষ: আবেগ প্রবণতা। কৰ্মত বিপদৰ শংকা নাথাকিব। ব্যস্ত হৈ পৰাৰ কাৰক। আজি আপুনি সেউজীয়া ৰং ব্যৱহাৰ কৰিব। দূৰ ভ্ৰমণৰ সম্ভাৱনা আছে। শুভ সংখ্যা ২।

মিথুন: কর্তৃত্বহীন লোকৰ পৰাই কোনো অভিযোগ পোৱাৰ সম্ভাৱনা। খৰচ’ পাতি বাঢ়িব যদিও অর্থনৈতিক সমস্যা নিয়ন্ত্ৰণৰ মাজত থাকিব। শুভ বর্ণ হালধীয়া। আবেলি চাৰি বজাৰ পাছত যাত্রা নকৰিব। শুভ সংখ্যা ৪।

কর্কট: কর্মব্যস্ত লোকৰ মধ্যম আহুকাল। শৰীৰ আদিৰ বাবে দুশ্চিন্তা কম। অনুকূল ফল আশা কৰিব পাৰে। শুভ বৰ্ণ ৰঙা। ৰঙা বস্ত্ৰ পৰিধান কৰি ৰাতিপুৱা সূর্য প্রণাম কৰিব। শুভ সংখ্যা ৭।

সিংহ: কর্মক্ষেত্রত ভবিষ্যৎ অনুকূল দেখা যায়। কিন্তু মনোমত সংযোগ প্রাপ্তিত বাধা পাব। আজি পৰাপক্ষত যাত্রা নকৰিব। যাত্ৰা কৰিলেও পুৱাৰ ভাগতহে কৰিব। ক্ৰীম ৰঙৰ কাপোৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা

কন্যা: অবাঞ্ছিত লোকৰ পৰা সতৰ্ক থাকক। কিন্তু সামগ্রিকভাবে দিনটো ভালদৰে পাৰ হ’ব। শুভ বর্ণ ক’লা। ক’লা ৰঙৰ পোছাক পিন্ধি যাত্রা কবিব পাবে। শুভ সংখ্যা ১।

তুলা: আর্থিক লাভৰ বিশেষ যোগ নাথাকিলেও কোনো লোকৰ পৰা আনন্দিত হ’ব। ধৰুৱাত পূৰ্বৰ তুলনাত উন্নত। শুভ বর্ণ মেৰুণ। আজি যাত্রা কৰোতে মেৰুণ ৰঙৰ কাপোৰ পিন্ধিব। শুভ সংখ্যা ২।

বৃশ্চিক: সাধাবণ উন্নত। কিন্তু কিবা সাম্ভাব্য পৰিবেশ বা কামৰ বাবে উদ্বেগ থাকিব। যোগাযোগ কৰি উৎসাহ পাব। আজি আপুনি পাতল শুলপীয়া ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৬।

ধনুঃ ফুৰা চকাত গা বচাই চলক। অন্যমনস্কতাৰে একোকে নকৰিব। পুৱাৰ ভাগত শিৱৰ মন্ত্র জপ কৰক। হাতত এখন বগা কমাল ৰাখক। জ্ঞাতি-কুটুম্ব, বাহিবত থকা কোনোলৈ কিছু চিন্তা। শুভ সংখ্যা ৩।

মকৰঃ নিৰাশাবাদ। মতান্তৰৰে সম্ভাৱক। কিন্তু পুৰণা প্রিয় বন্ধু লাভব যোগ। যাত্রাদি স্থগিত ৰাখক। শুভ বর্ণ পাতল হালধীয়া বা ক্রীম ৰং। এই ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা ৯।

কুম্ভ: কোনো দূৰস্থৰ আশান্বিত উন্নতি বা সংস্থাপন। পিতৃ-মাতৃলৈ অৱশ্যে চিন্তা থাকিব। আজি আপোনাৰ শুভ বর্ণপাতল নীলা। যাত্রা বা শুভ কর্ম কৰাৰ সময়ত পাতল নীলা ৰঙৰ কাপোৰ পিন্ধিব। শুভ সংখ্যা ৪।

মীন: কর্মস্থানত কিবা খেলি-মেলি বা ভুল যাতে নহয় লক্ষ্য ৰাখক। বিদ্যার্থীসকলৰ খুব বেয়া দেখা নাযায়। আপোনাৰ শুভ বর্ণ বেঙুনীয়া। যাত্রা আছে। শুভ সংখ্যা ৮।

Exit mobile version