There is an increase in the number of tigers in Manas:মানাহত বৃদ্ধি পাইছে বাঘৰ সংখ্যা

মানাহত মাকসহ বাঘৰ পোৱালিৰ অপূর্ব দৃশ্যই আকর্ষিত কৰিছে পৰ্যটকক

manass

There is an increase in the number of tigers in Manas:

বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্রতি দেশী-বিদেশী পর্যটকে ভৰি পৰা সময়ছোৱাতেই এটা বাঘিনী মাকসহ আন তিনিটা বাঘৰ পোৱালিৰ এখন ছবিয়ে দৃষ্টি আকর্ষণ কৰি তুলিছে পৰ্যটকৰ লগতে মানাহৰ বিষয়া, কর্মচাৰী, প্রকৃতিপ্রেমী ৰাইজৰ।

উল্লেখ্য যে যোৱা নিশা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ অঞ্চলত ৰেঞ্জটোৰ কৰ্তব্যৰত বন বিষয়া আৰু বনকর্মীয়ে জংঘলৰ মাজত এজনী মাকসহ (বাঘিনী) আন তিনিটাকৈ বাঘৰ পোৱালি মুঠ চাৰিটা বাঘে চোপ লৈ থকাটো প্রত্যক্ষ কৰে। লগে লগে বনকর্মীয়ে জংঘলত চোপ লৈ থকা বাঘিনী মাকসহ বাঘৰ পোৱালি কেইটাক কেমেৰাত বন্দী কৰে।

বাঘিনী মাক আৰু বাঘৰ পোৱালি তিনিটাৰ ভিডিঅ’, স্থিৰচিত্ৰ সামাজিক মাধ্যমত বহুলভাবে প্ৰচাৰিত হৈ প্রকৃতিপ্রেমীৰ অধিক দৃষ্টি আকর্ষিত হোৱা পৰিলক্ষিত হৈছে। আন এক উল্লেখনীয় যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা ৰেঞ্জ অঞ্চলত জংঘলত চোপ লৈ থকা মাইকী বাঘ, পোৱালিৰ ছবি সামাজিক মাধ্যমত বহুলভাবে প্ৰচাৰিত হোৱাৰ পাছতে আজি এনে দৃশ্য প্রত্যক্ষ কৰাৰ আশাত ভূঞাপাৰা ৰেঞ্জ অঞ্চলত বহু পৰ্যটকৰ আগমন ঘটা পৰিলক্ষিত হয়।

ভূঞাপাৰা ৰেঞ্জৰ ৰেঞ্জাৰ বিবেকানন্দ পাঠকে আজি সাংবাদিকক জানিবলৈ দিয়া মতে, মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্রতি বাঘৰ সংখ্যা সন্তোষজনকভাৱে বৃদ্ধি হোৱাটো ধাৰণা কৰা হৈছে। বাঘৰ এনে দৃশ্যই প্রমাণ কৰে যে মানাহত পূৰ্বৰ তুলনাত বাঘৰ সংখ্যা বৃদ্ধি পাইছে ।

Exit mobile version