Fraud arrested with fake notes:মহানগৰীত বৃহৎ পৰিমাণৰ জাল নোটসহ ধৃত প্ৰৱঞ্চক

fake note 2

Fraud arrested with fake notes:

মহানগৰীত পুনৰ বৃহৎ পৰিমাণৰ নকল ভাৰতীয় টকা জব্দ হয়। অসম আৰক্ষীৰ এছটিএফ শাখাৰ পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত এটা দলে গোপনৰ খবৰৰ ভিত্তিত দিছপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বাৰাকানগৰ অৰুণোদয় পথৰ এটা ভাড়াঘৰত অভিযান চলাই ৫,৬৭,০০০ টকাৰ নকল টকা জব্দ কৰিবলৈ সক্ষম হয়।

অলকেশ সেন কাশ্যপ নামৰ লোকজনৰ ভাড়াঘৰত চলা এই অভিযানত মুঠ ১,১৩৪ খন নকল ভাৰতীয় পাঁচশ টকীয়া নোট, জাল নোট বনোৱা এটা মেচিন, এটা ম’বাইল, এখন স্কটী আৰক্ষীৰ দলটোলে জব্দ  কৰাৰ লগতে ঘটনাৰে জড়িত এজনক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন লখিমপুৰ লালুকৰ মইনুল হক (২৭) বুলি আৰক্ষীয়ে সদৰী কৰিছে। জব্দকৃত স্কুটিখনৰ নম্বৰ হৈছে এএছ-২৫ এন-৭২৯৫। ঘটনা সন্দৰ্ভত এছটিএফৰ তদন্ত অব্যাহত আছে ।

Exit mobile version