Agninav Shiv Mandir:
আধ্যাত্মিক বিশ্বাসৰ স্থলী হিচাপে বিবেচিত নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ শিৱ মুৰ্তি চুৰি ৷ নিশা মন্দিৰৰ গ্ৰীল ভাঙি চুৰি চোৰে লৈ যোৱা মুৰ্তি শুক্ৰবাৰে পুৱাই উদ্ধাৰ হয় শিমলুগুৰি ৰে’ল ষ্টেচনত ৷ কৰায়ত্ব হয় চোৰটো ৷ ধৃত চোৰটোৰ নাম আৰিফ আলি ৷ ঘৰ তিতাবৰত ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা এজনে যুৱকে হাতত মোনা এটা লৈ শিমলুগুৰি ৰে’ল জংচনত পাইচাৰি কৰোতে ৰে’ল আৰক্ষী জোৱান আৰু স্থানীয় লোক গজনে মোনাটোত কি আছে বুলি সোধাত কোনো সুদত্তৰ নিদিয়াকৈ পলায়ণ কৰে যদিও সেই সময়ত ষ্টেচনৰ আশে পাশে থকা লোকৰ তৎপৰতা যুৱক জন কৰায়ত্ত হয় যদিও আন এজন সংগী পলায়ন কৰে ৷ পিছত ৰে’ল আৰক্ষীৰ মোনাৰ পৰা উদ্ধাৰ কৰে গামোচাৰে মেৰিয়াই থোৱা শিৱমুৰ্তি সহ আ-অলংকাৰ ৷ ৰে’ল আৰক্ষীৰ জেৰাত চোৰটোৱে স্বীকাৰ কৰে যে মুৰ্তিভাগ নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ ৷
আনহাতে শিমলুগুৰি ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰা মূৰ্তিটো নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ বুলি নিশ্চিত হোৱাত মন্দিৰৰ গৰাকী শিখা মজিন্দাৰ বেজবৰুৱা আজি পুৱাতে উপস্থিত হয় শিমলুগুৰি ৰে’ল আৰক্ষী থানাত। হেৰুওৱা মূৰ্তি উভতাই পাই হুকহুকাই কান্দি উঠিল শিখা মজিন্দাৰ বেজবৰুৱা ৷ ইতিমধ্যে ৰে’ল আৰক্ষীয়ে বিধিগতভাৱে মুৰ্তিভাগ তুলি দিয়ে শিখা মজিন্দাৰ বেজবৰুৱাৰ হাতত ৷
ইফালে অগ্নিনাভ মন্দিৰত পুৱাৰে পৰা লানি নিচিঙা সোঁত বোৱা ভক্তই মন্দিৰৰ শিৱমুৰ্তি নিশা চুৰি হোৱাৰ খবৰ লাভ কৰি গভীৰ দুখ প্ৰকাশ কৰি কৰায়ত্ত হোৱা চোৰটোৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰে ৷