দুৱাৰদলিত শীত । শীত মানেই ৰুক্ষ ছাল, ছুলিত উফিৰ সমস্যা । শীতকালত ঠাণ্ডা বতাহে আমাৰ ছালৰ আৰ্দ্ৰতা নাইকিয়া কৰি তোলে । ফলত আমাৰ ছালখন শুকান হৈ পৰে।
আপোনালোকৰ এনে কিছুমান প্ৰশ্নৰ উত্তৰ লৈ চৰ্মৰোগ বিশেষজ্ঞ ডাঃ অনল জ্যোতি বৰদলৈৰ বিশেষ টিপছ ।
শীতকালত ছালৰ সুৰক্ষা কেনেদৰে ল’ব লাগে?
শীতকালত মানুহৰ ছালখন শুকান হৈ পৰে, ফলত বহুতো লোকে বহুতো সমস্যাৰ সন্মুখীন হয় । তাৰ লগতে কিছু ৰোগেও দেখা দিব পাৰে । ছালখন নিমজ কৰি ৰাখিবলৈ পুৱা শুই উঠি মুখ ধোৱা, গা ধোৱাৰ পিছতযিকোনো মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰক । বৰ্তমান সময়ত বজাৰত ভিন্ন ধৰণৰ মইশ্ব’ৰাইজাৰ উপলব্ধ, সেয়েহে পৰাপক্ষত ছেৰামাইট যুক্ত মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব ।
গা ধোৱাৰ পূৰ্বে নাৰিকল তেল অথবা অ’লিভ অইলেৰে শৰীৰটো মালিচ কৰি প্ৰায় ১০ মিনিট সময়ৰ পিছত গা ধুই দিয়ক । গা ধুওঁতে কঠোৰ চাবোন ব্যৱহাৰ নকৰিব ইয়াৰ পৰিৱৰ্তে ব’ডী ৱাশ্ব ব্যৱহাৰ কৰিব পাৰে । ইয়ে আপোনাৰ ছাল মসৃন কৰি ৰখাত সহায় কৰিব ।
কিছু লোকৰ ছাল যথেষ্ট সংবেদনশীল হোৱা দেখা যায়, ফলত ঊলৰ কাপোৰ অথবা ছিনথেটিক কাপোৰ পৰিধান কৰাৰ ফলত এলাৰ্জী হোৱাৰ সম্ভাৱনা অধিক হয় । সেইসকল লোকে গৰম কাপোৰ পৰিধান কৰাৰ পূৰ্বে কপাহী কাপোৰ পৰিধান কৰক । পানী আৰু শাক-পাচলি পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰক ।
উফিৰ পৰা কিদৰে পৰিত্ৰাণ পাব ?
শীতকালত মূৰৰ ছালখন শুকাই যোৱাৰ ফলত উফিৰ সমস্যা অধিক হোৱা দেখা যায় । সেইবাবে চুলিত ঘনাই নাৰিকল তেল লগাওক । সপ্তাহত দুবাৰতকৈ অধিক চেম্পু নকৰিব । চুলি ধোৱাৰ পিছতেই ছীৰাম লগাওক ।
প্ৰেপটাইটযুক্ত ছীৰামে আপোনাৰ চুলিত পোষণ যোগান ধৰে । ইয়াৰোপৰি সুস্থ চুলিৰ বাবে মাল্টিভিটামিন, বায়’টিন, ভিটামিন ইযুক্ত টেবলেটছ গ্ৰহণ কৰিব পাৰে, বৰ্তমান সময়ত বজাৰত এনেধৰণৰ বিভিন্ন টেবলেট উপলব্ধ ।
তৈলযুক্ত স্কেল্প থকা সকলে এটা এণ্টি ডেনড্ৰ’ফ চেম্পু ব্যৱহাৰ কৰক । মিঠা কমাই খাওক । ব্যায়াম কৰক ।
ওজন বৃদ্ধি হ’বলৈ নিদিব ।
লগতে পঢ়ক : Use matte lipstick like this in winter:মেট লিপষ্টিক শীতত এইদৰে ব্যৱহাৰ কৰক