Horoscope: দিনটো সাৱধানেৰে চলক এইকেইটা ৰাশিৰ লোকে

আপোনাৰ দিনটো কেনেদৰে পাৰ হ'ব জানো আহক

horoscope

মেষ: দিনটো আনন্দৰে পাৰ হ’ব । উপার্জনত বাধা । বিদ্য়াত শুভ । ৰাজনীতিবিদকলে সাৱধানে চলিব, বিপদত পৰাৰ সম্ভাৱনা আছে । প্ৰেমত বাধা ।

বৃষ: শত্ৰুপক্ষৰ পৰা বিপদ ঘটিব পাৰে । ব্যৱসায়ীসকলৰ লাভ বৃদ্ধি হ’ব। চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে। কর্মত ব্যস্ততা বাঢ়িব। আর্থিক দিশত প্রাপ্তিৰ যোগ। প্ৰেমত অস্থিৰতা।

মিথুন: পাৰিবাৰিক সমস্যাই মনত দুখ দিব পাৰে। ভ্রমণ কৰাৰ পৰা বিৰত থাকক । কর্ম প্ৰতিভাৰ বিকাশ আৰু ভাগ্যোদয় হোৱাৰ সম্ভাৱনা আছে । নতুন বন্ধু লাভৰ সম্ভাৱনা আছে ।

কর্কট: আকস্মিক আঘাত প্ৰাপ্তিৰ সম্ভাৱনা। গুৰুজনৰ দ্বাৰা আসন্ন বিপদৰ পৰা মুক্তি লাভ। প্রেম-প্রীতিত সংগ সুখ দেখা যায়। শৰীৰ মধ্যম থাকিব।

সিংহ: আপুনি নিজৰ কামত লাভবান হ’ব। দাম্পত্যতো শুভ। কর্মত তৎপৰ হোৱাৰ যত্ন কৰক। উন্নতি নিশ্চিত। গৃহ উন্মোচন কৰাৰ পৰিকল্পনা কৰিব পাৰে । কথা-বতৰাত সংযত হওক।

কন্যা: মূল্যবান বস্তু ক্ৰয় কৰিব পাৰে। পত্নীৰ চিকিৎসাৰ কাৰণে অর্থ ব্যয় হ’ব। বিদেশত থকা আত্মীয়ৰ আগমনত সুখ বৃদ্ধি পাব।

তুলা: বাধা বিঘিনিৰ মাজেৰে কামত সাফল্য আৰু আয় বৃদ্ধি হ’ব। পঢ়া- শুনাত গুৰুত্ব দিয়ক। দাম্পত্যত মধ্যম। দুষ্ট লোকৰ পৰা আৰ্থিক ক্ষতি হোৱাৰ সম্ভৱনা আছে ।

বৃশ্চিক: শৰীৰ ভালে নাথাকিব পাৰে । আর্থিক কঠিনতাৰ মাজেৰে চলিব লাগিব। কর্মত বাধা । প্রিয় লোকৰ সৈতে আলাপ।

ধনু: উপযুক্ত কোনো লোকৰ সান্নিধ্যত সুখী হ’ব। শৰীৰ ভালে নাথাকিব। আর্থিক কঠিনতাৰ মাজেৰে চলিব লাগিব। কৰ্মত বাধা। প্রিয় লোকৰ সৈতে আলাপ।

মকৰ: আর্থিক দিশত আশা কৰা অনুসৰি ফল নাপাব। শৰীৰ ভালে নাথাকিব। আর্থিক কঠিনতাৰ মাজেৰে চলিব লাগিব। কৰ্মত বাধা। প্রিয় লোকৰ সৈতে আলাপ।

কুম্ভ: দিনটো ভাল-বেয়াৰ মাজৰ পাৰ হ’ব। যি কোনো কামতে ভাবি চিন্তি দায়িত্ব ল’ব। শৰীৰ মধ্যম।

মীন: অনৰ্থক খৰচ কৰাৰ পৰা বিৰত থাকক । ঘৰুৱা অশান্তি। বিদ্যাত মধ্যম। কৰ্মত নতুন উৎসাহ পাব। শৰীৰ ভালেৰে যাব। ঘনিষ্ঠ ব্যক্তিৰ পৰা লগত শত্রুতা হ’ব পাৰে।

Exit mobile version