Cloves remove excess fat:অতিৰিক্ত মেদ দূৰ কৰে লং !

fat

বন্ধন প্ৰকৰণত ব্যৱহৃত মছলাৰ ভিতৰত অন্যতম হৈছে লং । এইবিধ মছলাই খাদ্যৰ স্বাদ বৃদ্ধিত বিশেষ ভূমিকা পালন কৰে। অসহ্যকৰ দাঁতৰ যন্ত্ৰণাৰ পৰা ক্ষণিকতে সকাহ দিয়াৰ ক্ষেত্ৰতো লবংগ অত্যন্ত উপকাৰী। সেইদৰে মুখৰ দুৰ্গন্ধও দূৰ কৰে লবংগই। কিন্তু বহুতেই হয়তো নাজানে যে শৰীৰত জমা হোৱা মেদ নাশ কৰি শৰীৰ তন্বী কৰি তোলাৰ ক্ষেত্ৰতো লবংগৰ বিকল্প বিচাৰি পোৱা টান। কিন্তু কিদৰে? এই ক্ষেত্ৰত আপুনি বিজ্ঞানীৰ ব্যাখ্যা শুনিলে আচৰিত হ’ব পাৰে।

ADVERTISEMENT

ইউ এছ ডি এ নেছনেল নিউট্রিয়েন্ট ডাটাবেছৰ নতুন প্রতিবেদন অনুসৰি, লং ত থাকে কার্ব’হাইড্রেট, প্র’টিন আৰু ফাইবাৰ। ইয়াৰ উপৰি আছে এন্টিঅক্সিডেন্ট, অক্সিডেটিভ আক এন্টি-লিপিড। সেয়ে লবংগ খালে শৰীৰত প্রবেশ কৰিব পাৰে ভিটামিন ‘এ’, ভিটামিন ‘চি’, বিবোফ্লেবিন, থিয়ামিন আৰু ভিটামিন ‘কে’ৰ পুষ্টিগুণ। যাৰ মাধ্যমেৰে অতি সহজে নাশ হ’ব পাৰে শৰীৰৰ অতিৰিক্ত মেদ। কেৱল সেয়াই নইয়, লং খালে মধুমেহো নিয়ন্ত্রণত থাকিব পাৰে।

লবংগ খালে যে শৰীৰৰ মেদ হ্রাস কৰাটো সম্ভৱ, সেয়া বিশেষজ্ঞসকলৰ পৰীক্ষা-নিৰীক্ষাত পোৱা তথ্যৰ পৰা জনা গ’ল। কিন্তু প্রশ্ন এটা থাকিয়ে যায়, কেঁচা লং চোবাই খালে নে কোনো আঞ্জাত দিয়া লং ৰ পৰা সুফল পোৱা যাব ? বিশেষজ্ঞই অৱশ্যে এই প্রশ্নৰো উত্তৰ দিছে। তেওঁলোকৰ মতে, শৰীৰ ক্ষীণ কৰিবলৈ আপুনি সামান্য পৰিশ্ৰম কৰিবই লাগিব। কিয়নো চোবাই খোৱা বা আঞ্জাৰ স’তে ৰান্ধি খোৱাৰ পৰিৱৰ্তে লং গুড়ি কৰি খালেহে সুফল পাব।

আপুনি যদি সুফল পাব বিচাৰিছে তেন্তে ৫০ গ্রাম লং ল’ব। লগত লাগিব দালচিনি আৰু জিৰা। এই তিনিবিধ মছলা পাতল জুইত এখন শুকান কেৰাহীত লৰাই লৰাই কিছু গৰম কৰি ল’ব। তাৰ পাছত সেই মছলা গুড়ি কৰি এটা টেমাত ভৰাই থ’ব। প্রতিদিনে পুৱা এগিলাচ পানীত এচামুচ মছলা গুড়ি দি তাত এচামুচ মৌ মিহলাই খালী পেটত সেই পানী পান কৰিলে সফল লাভ কৰিব। প্রায় এসপ্তাহলৈ এই মিশ্রণ পান কৰাৰ পাছত এবাৰ আইনাৰ সম্মুখত থিয় হৈ নিজক চাব। নিশ্চিতভাৱে শৰীৰৰ বহুখিনি মেদ নাশ হৈ আপুনি আটিল শৰীৰ লাভ কৰিব।

Exit mobile version